NORTHEAST NOW (Assamese)

ৰাজনীতিত প্ৰৱেশ কৰাৰ বাবে মই আৱদ্ধ শ্ৰমিকক সহায় কৰা নাই : চনু চুড

June 9, 2020 11:28 am · এন ই নাও নিউজ

লকডাউনৰ বাবে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰমিক সকলক নিঃস্বাৰ্থভাৱে কৰা সহায়ৰ বাবে সকলো ফালৰে পৰা সমাদৃত হৈছে বলিউদ অভিনেতা চনু চুড।

অভিনেতা চনুৰ এই মহান উদ্দেশ্যক বলিউদৰ চেলিব্ৰেটিৰ পৰা ৰাজনৈতিক ক্ষেত্ৰৰ বিভিন্ন লোকে সমৰ্থন আগবঢ়াইছে।

বিভিন্ন পক্ষই সমৰ্থন আগবঢ়ালেও ৰাজ্যসভাৰ সাংসদ তথা শিৱসেনাৰ জ্যেষ্ঠ নেতা সঞ্জয় ৰাউতে কিন্তু চনু চুডে ৰাজনীতিৰ পৰা অনুপ্ৰাণিত হৈয়ে এইদৰে সহায় আগবঢ়োৱা বুলি মন্তব্য কৰিছিল।

সঞ্জয় ৰাউতৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ হিচাপে চনুৱে কয় যে মই কাৰো খাতিৰতে এনেধৰণৰ কাম কৰা নাই। মই কেৱল আৱদ্ধ হৈ থকা প্ৰৱাসী শ্ৰমিকৰ বাবে কিবা কৰিব বিচাৰিছিলো।

তেওঁ লগতে কয়, ‍‘সঞ্জয় ৰাউত এজন ভাল ব্যক্তি আৰু মই তেওঁক সন্মান কৰো। উদ্ধব আৰু আদিত্য থাকৰেৰ লগত মোৰ বৈঠক ভালেই হৈছিল। মই ৰাজনীতিত অহাৰ কোনো ইচ্ছা নাই। মই অভিনেতা হিচাপে থাকিম আৰু এই ক্ষেত্ৰত কৰিব লগীয়া বহু আছে’।

উল্লেখ্য যে কিছু দিন পূৰ্বে সঞ্জয় ৰাউতে কৈছিল যে চনু চুডে বিজেপিৰ নিৰ্দেশ মৰ্মে প্ৰৱাসী শ্ৰমিক সকলক সহায় কৰি আছে।

হঠাৎ চনু চুডক কিয় মহাত্মা সজোৱা হ’ল বুলি মন্তব্য কৰি শিৱসেনাৰ নেতা গৰাকীয়ে কয় যে এওঁ কিছু দিন পিছতেই প্ৰধান মন্ত্ৰী মোদীক সাক্ষাৎ কৰি উত্তৰ প্ৰদেশ আৰু বিহাৰত বিজেপিৰ হৈ প্ৰচাৰ চলাব।

Related News