NORTHEAST NOW (Assamese)

উপ- নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনটোত তামুলপুৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চলালে প্ৰচাৰ

October 27, 2021 6:05 pm · দীপক কুমাৰ পাঠক, তামুলপুৰ
Updated: October 27, 2021 6:10 pm

অহা ৩০ অক্টোবৰত অনুষ্ঠিত হব লগা উপ নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন ।

নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ বিজেপি ইউপিপিএল আৰু অগপ মিত্ৰ জোটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ প্ৰচাৰ চলাবলৈ আহে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

সমষ্টিটোৰ অন্তৰ্গত গান্ধীবাৰীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জলেন দৈমাৰীৰ হৈ প্ৰচাৰ চলোৱাৰ বিপৰীতে কটাহবাৰীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলায় ।

শান্তিৰ উন্নতি আৰু প্ৰগতিৰ স্বাৰ্থত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন বাস্তৱত পৰিণত কৰাৰ স্বাৰ্থত তামুলপুৰৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীক ভোট দিয়াৰ আহ্বান জনায় সোণোৱালে।

বিজেপি চৰকাৰৰ বিভিন্ন আঁচনিয়ে অসমৰ জনসাধাৰণক চুই যোৱা বুলি উল্লেখ কৰি সৰ্বানন্দ সোণোৱালে উন্নতিৰ স্বাৰ্থত জলেন দৈমাৰীক ভোট দিয়াৰ বাবে কাতৰ আহ্বান জনালে তামুলপুৰৰ ৰাইজক।

Related News