NORTHEAST NOW (Assamese)

বোকাখাতত পদপথ ভাঙি আহত শব্দযন্ত্ৰী অমৃত প্ৰীতম আৰু সহযোগী

January 24, 2020 7:31 am · উত্তম শইকীয়া
Updated: January 24, 2020 7:33 am

নগৰ পৰিকল্পনা বিভাগৰ মন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাতত পদপথ ভাঙি গুৰুত্বৰভাৱে আহত হয় আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শব্দযন্ত্ৰী অমৃত প্ৰীতম।

বিহস্পতিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে অহা অমৃত প্ৰীতমে বন্ধুৰ সৈতে বোকাখাত নগৰৰ গোপাল কৃষ্ণ চাহ মিঠাই দোকানত চাহ আৰু পেৰা খাই ওলায় অহাৰ সময়তেই জৰাজীৰ্ণ পদপথৰ বাবে সংঘটিত হয় এই ঘটনা।

ঘটনাত আহত অমৃত প্ৰীতম আৰু তেওঁৰ এজন সহযোগীক বোকাখাতত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

নগৰ পৰিকল্পনাৰ মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিতে সংঘটিত হোৱা এই ঘটনাই বোকাখাতত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বৰ্তমান মুম্বাইত প্ৰতিষ্ঠিত অমৃতে বলিউডৰ বহু ছবি ছাউণ্ড ডিজাইন কৰিছে। বিখ্যাত শব্দযন্ত্ৰী ৰেছুল পুকুটিৰ যথেষ্ট ঘণিষ্ঠ অমৃতে অস্কাৰ বঁটা পোৱা ‘শ্লাম ডগ মিলিয়নাৰ’ ছবিখনত পুকুটিৰ সৈতে ছাউণ্ড ডিজাইনিঙতৰ কাম কৰিছিল।

Related News