NORTHEAST NOW (Assamese)
অসম

চিকিৎসালয়ৰ পৰা উভতিল সৌৰভ গাংগুলী, প্ৰয়োজন হ’ব বিশ্ৰামৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 31, 2021 12:12 pm
Sourav Ganguly discharged from hospital

কম দিনৰ ব্যৱধানত দুবাৰকৈ হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী ক্ৰমাৎ সুস্থ হৈ উঠিছে।

আজি গাংগুলীক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়।

কলকাতাৰ এপ’ল’ হাস্পাতলৰ সূত্ৰই প্ৰকাশ কৰা মতে সৌগাংগুলীৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান উন্নত আৰু তেওঁৰ শৰীৰৰ সকলো পৰীক্ষা স্বাভাৱিক হৈ আছে।

অৱশ্যে ঘৰলৈ উভতি গ’লেও সৌৰভ গাংগুলীয়ে বেছ কিছুদিন  বিশ্ৰামত থাকিব লাগিব বুলি চিকিৎসালয় সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখ্য যোৱা ২৭ জানুৱাৰীত পুনৰ অসুস্থ হৈ পৰিছিল সৌৰভ গাংগুলী।

জানুৱাৰী মাহৰ প্ৰথম ভাগতে হৃদৰোগত আক্ৰান্ত হোৱা গাংগুলীক চিকিৎসাধীন কৰোৱা হৈছিল যদিও হৃদযন্ত্ৰৰ এটা অস্ত্ৰোপচাৰৰ পিছতে তেওঁ সুস্থ হৈ উঠিছিল।

ইয়াৰ পিছতে তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল। ২৭ জানুৱাৰীত  পুনৰ তেওঁ হঠাতে বুকুৰ বিষত আক্ৰান্ত হয়।

গুৰুতৰ ভাবে অসুস্থ হৈ পৰা সৌৰভ গাংগুলীক লগে লগে কলকাতাৰ এপ’লো  চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। জানুৱাৰী মাহতো তেওঁ  হৃদৰোগত আক্ৰান্ত হৈ কলকাতাৰ নিজৰ ঘৰতে ঢলি পৰিছিল।

সিদিনা পুৱালৈকে সৌৰভ গাংগুলী সুস্থ হৈয়েই আছিল যদিও হঠাতে বুকুৰ বিষত আক্ৰান্ত হয় ।

জানুৱাৰী মাহতে তেওঁৰ এঞ্জিঅ’প্লাষ্টি সম্পন্ন কৰা হৈছিল।

এইবাৰো পুনৰ তেওঁৰ এঞ্জিঅ’প্লাষ্টি সম্পন্ন কৰা হয়।

সৌৰভ গাংগুলীৰ হৃদপিণ্ডৰ ধমনীত তিনিটা ব্ল’কেজ পোৱা গৈছে।

ব্ল’কেজ দূৰ কৰিবলৈ তেওঁৰ বুকুত বহুওৱা হৈছিল স্টেণ্ট।হৃদৰোগ বিশেষজ্ঞ ডাঃ দেৱী শেঠীৰ তত্বাৱধানত বৰ্তমান গাংগুলীয়ে চিকিৎসা গ্ৰহণ কৰি আছে।