NORTHEAST NOW (Assamese)

অনুৰাগীলৈ আংশিক সকাহ! গাংগুলীৰ ভাষ্যই দিলে বিশ্বকাপত বুমৰাহৰ উপস্থিতি সম্পৰ্কে বিশেষ বাৰ্তা

September 30, 2022 6:40 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 1, 2022 3:02 am

অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া আগন্তুক টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় শিবিৰত বাঢ়ি আহিছে এক বিশেষ উৎকণ্ঠা। এই উৎকণ্ঠাই চিন্তিত কৰি তুলিছে দেশৰ ক্ৰিকেট অনুৰাগীসকলকো। ভাৰতীয় ক্ৰিকেট দলৰ বলিং বিভাগৰ মূল শক্তি যশপ্ৰীত বুমৰাহৰ শেহতীয়া আঘাতে অনুৰাগীসকলৰ মাজত সৃষ্টি কৰিছে এই নিন্তনীয় পৰিস্থিতিৰ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ প্ৰথমখন মেচত আঘাত পোৱাৰ পিছতে তাৰকা বলাৰগৰাকী মেচখনত দলত নাথাকিব বুলি বিচিচিআই- এ এক বিবৃতিত উল্লেখ কৰিছিল। ইয়াৰ পাছতে বুমৰাহৰ আঘাত সন্দৰ্ভত তীব্ৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।

ইফালে বৃহস্পতিবাৰে বিচিচিআইৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত বুমৰাহ টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হৈছে বুলি মন্তব্য কৰাৰ লগতে প্ৰায় ছয়মাহ সময় ক্ৰিকেটৰ পৰা আঁতৰত থাকিব বুলি উল্লেখ কৰিছিল।

আনহাতে আজি বিচিচিআই- এ এক বিবৃতিত বুমৰাহ চলিত শৃংখলাটোৰ পৰা বাহিৰ হৈছে বুলি ঘোষণা কৰি তেওঁৰ স্থানত মহম্মদ চিৰাজক দলত অন্তৰ্ভুক্ত কৰিছিল। ইয়াৰ ফলশ্ৰুতিত বুমৰাহ টি-২০ বিশ্বকাপৰ পৰাও বাহিৰ হোৱাটো প্ৰায় নিশ্চিত বুলি ধাৰণা কৰিছিল ক্ৰিকেট অনুৰাগীসকলে।

কিন্তু আজি বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে এক সাক্ষাৎকাৰত বুমৰাহ এতিয়ালৈকে বিশ্বকাপৰ পৰা বাহিৰ হোৱা নাই বুলি মন্তব্য কৰাৰ পিছত অনুৰাগীসকলে কিছু সকাহ পাইছে।

সাক্ষাৎকাৰত বুমৰাহ বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব নে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত গাংগুলীয়ে এতিয়াই এই বিষয়ত মন্তব্য কৰা সোনকাল হ’ব বুলি মন্তব্য কৰে। দুই-তিনিদিনৰ ভিতৰত এই বিষয়ে নিশ্চিত হ’ব পৰা যাব বুলিও গাংগুলীয়ে লগতে কয়।

Related News