NORTHEAST NOW (Assamese)
Popular Stories

ICC T-20 World Cup: বিশ্বকাপত অব্যাহত দক্ষিণ আফ্ৰিকাৰ জয়যাত্ৰা; যুঁজ দিও পৰাস্ত হ’ল বাংলাদেশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 11, 2024 8:12 am

যুঁজি যুঁজিও হাৰি গ’ল বাংলাদেশ। দক্ষিণ আফ্ৰিকাৰ আগত তেওঁলোকৰ সংগ্ৰাম স্তব্ধ হৈ ৰ’ল। সোমবাৰে খেলখনত দক্ষিণ আফ্ৰিকাই চাৰি ৰাণত জয়লাভ কৰে। শ্ৰীলংকা আৰু নেদাৰলেণ্ডৰ পিছত দক্ষিণ আফ্ৰিকাই বাংলাদেশকো পৰাস্ত কৰে।

সোমবাৰৰ বাংলাদেশ-দক্ষিণ আফ্ৰিকাৰ খেলখন দেওবাৰৰ ভাৰত-পাকিস্তান মেচৰ একচন ৰিপ্লেৰ দৰে আছিল। দেওবাৰে সেই মহাৰণত ভাৰতে প্ৰথমে বেটিং কৰি ১১৯ ৰান সংগ্ৰহ কৰে। পাকিস্তানে সেই ৰান অতিক্ৰম কৰিব নোৱাৰিলে। ভাৰতীয় বলাৰসকলে পাকিস্তানক তাৰ আগতে ৰখাই দিলে।

সোমবাৰে দক্ষিণ আফ্ৰিকাৰ ৰান সংখ্যা আছিল ১১৩ ৰান। বাংলাদেশে ১০৯ ৰানতে ৰৈ যায়। একেৰাহে দুদিন তুলনামূলকভাৱে কম স্ক’ৰৰ মেচৰ অন্তত পিছত বেটিং কৰা দলটোৱে পৰাজিত হৈ খেলপথাৰৰ পৰা ওলাই আহিল।

ফটো সৌজন্যঃ আইচিচি।

অৱশ্যে বাংলাদেশৰ অভিজ্ঞ বেটছমেন মাহমুদুল্লাই এনেদৰে মেচত পৰাস্ত হোৱাৰ বাবে নিজকে ক্ষমা কৰিব পাৰিবনে? শেষ অভাৰৰ পঞ্চম বলটোত কেশৱ মহাৰাজৰ ফুলটছ বলটো ছয় মাৰিব নোৱাৰি বাউণ্ডেৰী লাইনৰ সন্মুখত ধৰা পৰে মাৰ্ক্ৰামৰ হাতত। যদি মাহমুদুল্লাৰ শ্বটটো ছয় হ’লহেঁতেন তেন্তে বাংলাদেশে মেচখন জয়ী হ’লহেঁতেন। মাহমুদুল্লাৰ দৰে অভিজ্ঞ বেটছমেন ফিনিছাৰ হোৱাত ব্যৰ্থ হৈছিল।

মাহমুদুল্লাহ আউট হোৱাৰ আগতেই কেশৱ মহাৰাজৰ অভাৰত পেভলিয়নলৈ ঘূৰি আহিছিল হৈছিল জাকেৰ আলী। প্ৰায় একে ঠাইতে বলটো মাৰি মাৰ্ক্ৰামক কেচ দি তেওঁ বিদায় লৈছিল। বাংলাদেশৰ অন্তিম অভাৰত জয়ী হ’বলৈ ১১ ৰানৰ প্ৰয়োজন হৈছিল। সুযোগ থাকিলেও সেই ৰান পোৱাটো বাংলাদেশৰ বাবে সম্ভৱ নাছিল। বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে এতিয়াও অপৰাজিত হৈ আছে দক্ষিণ আফ্ৰিকা। কিন্তু এই মেচখনত জয়ী হোৱাৰ সুযোগ আছিল। সেই সুযোগ দলটোৱে খেলপথাৰত এৰি আহিল।

ফটো সৌজন্যঃ আইচিচি।

নিউয়ৰ্কৰ খেলপথাৰত ১২০ ৰান অতিক্ৰম কৰাটোও কঠিন। বেটছমেনে খেলপথাৰৰ চৰিত্ৰ বুজাত সমস্যাত পৰিছে। দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি সোমবাৰে প্ৰথমে বেটিং কৰে। প্ৰথম অভাৰৰ পৰাই দলটোৱে উইকেট হেৰুৱাবলৈ আৰম্ভ কৰে।

প্ৰথম অভাৰৰ শেষ বলত হেণ্ড্ৰিক্সক ঘূৰাই পঠিয়ায় তানজিম ছাকিবে। তাৰ পৰাই আৰম্ভ। দক্ষিণ আফ্ৰিকাই দলীয় স্কোৰ ২৩ ৰানত শীৰ্ষ চাৰিজন বেটছমেনক হেৰুৱাইছে। প্ৰটিয়াছৰ বেটিং অৰ্ডাৰ ভাঙি পৰে। তাৰ পৰাই ডেভিড মিলাৰ (২৯) আৰু ক্লাচেনে (৪৬) ৰানেৰে দলৰ বাবে ৭৯ সংগ্ৰহ কৰে। ক্লাচেন মেচখনৰ মেন অৱ দ্য মেচো হয়। শেষত ৰান ৰেট বৃদ্ধি কৰাৰ চেষ্টাত দুয়োজন ছেট বেটছমেনে আউট হয়। অৱশেষত দক্ষিণ আফ্ৰিকাই ৬টা উইকেট হেৰুৱাই ১১৩ ৰানত ৰৈ যায়। তানজিম ছাকিবে ৩টা উইকেট দখল কৰে। তাস্কিনে ২টা আৰু ৰিছাদে এটা উইকেট দখল কৰে।

ফটো সৌজন্যঃ আইচিচি।

বাংলাদেশে প্ৰটিয়াছৰ ৰান খেদি সোকালেই ৪ টাউইকেট হেৰুৱায়। তাঞ্জিদ হাছান (৯), লিটন দাস (৯), ছাকিব আল হাছান (৩) আৰু অধিনায়ক শান্তো (১৪) সোনকালেই উভতি আহে। ৯.৫ অভাৰত ৪ উইকেটত ৫০ ৰানহে হয় বাংলাদেশৰ। দক্ষিণ আফ্ৰিকাৰ বলাৰৰ শ্বৰ্ট বল বাংলাদেশী বেটছমেনৰ বাবে ঘাতক বুলি প্ৰমাণিত হয়।

সেই স্থানৰ পৰাই যুঁজ আৰম্ভ হয় তৌহিদ হৃদিয় আৰু অভিজ্ঞ মাহমুদুল্লাহৰ। মাহমুদুল্লাহৰ অভিজ্ঞতাই তৌহিদকো পথ প্ৰদৰ্শন কৰে। আনহাতে হৃদয় বিশাল ছয় মৰাত ভাল। বাংলাদেশী বেটছমেন দুগৰাকীয়ে পৰিস্থিতি বুজি আগবাঢ়িল। হৃদয়ে দুটা বিশাল ছয় মাৰে। এই ছয় মৰাৰ বাবে তেওঁ বিখ্যাত।

ফটো সৌজন্যঃ আইচিচি।

আনহাতে, মাহমুদুল্লাই ষ্ট্ৰাইক সলনি কৰি বাংলাদেশৰ স্ক’ৰ ব’ৰ্ড গতিশীল কৰি ৰাখে। যেতিয়া খেলখন লাহে লাহে বাংলাদেশৰ পক্ষত দিশে আগবাঢ়ে, ঠিক তেতিয়াই বাংলাদেশেৰ বাবে আঘাতটো আহিলে। ৰাবাডাই হৃদয়ক ঘূৰাই পঠিয়ালে (৩৭)। দুই বেটছমেনে ৪৪ ৰান যোগ দিয়ে। বাংলাদেশৰ ৫ উইকেটত ৯৪ ৰান হয়। জাকেৰ আলী আৰু মাহমুদুল্লাই আশাৰ কিৰণ দেখুৱাবলৈ আৰম্ভ কৰে। মেচখন শেষ অভাৰলৈ টানি নিয়ে। শেষৰ অভাৰত কেশৱ মহাৰাজে জাকেৰ আলী আৰু মাহমুদুল্লাক ঘূৰাই পঠিয়ায়। বাংলাদেশৰ বিজয়ৰ সপোন শেষ হ’ল।

সংক্ষিপ্ত স্কোৰঃ

দক্ষিণ আফ্ৰিকা-১১৩/৬ (ক্লাছেন ৪৬, তানজিম ছাকিব ৩/১৮)

বাংলাদেশ-১০৯/৭ (হৃদয় ৩৭, মহাৰাজ ৩/২৭)

দক্ষিণ আফ্ৰিকাই ৪ ৰানত জয়লাভ কৰে।