NORTHEAST NOW (Assamese)
দেশ

মাত্ৰ ২৩ বছৰ বয়সতে মহাকাশ ভ্ৰমণ! কোন এই ভাৰতীয় যুৱতী; জানো আহক

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী June 24, 2025 5:27 pm

মাত্ৰ ২৩ বছৰ বয়সতে মহাকাশ ভ্ৰমণৰ এষ্ট্ৰ’নাট কেণ্ডিডেট হিচাপে স্বীকৃতি পাইছে অন্ধ্ৰপ্ৰদেশৰ এগৰাকী যুৱতীয়ে। যুৱতীগৰাকীৰ নাম জাহ্নৱী ডাংগেটী।

মহাকাশ অভিযানত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছে জাহ্নৱীয়ে। মহাকাশ গৱেষণা সংস্থা ‘টাইটান্স স্পেচ’ৰ দ্বাৰা তেওঁলোকৰ ‘এষ্ট্ৰ’নাট কেণ্ডিডেট – ASCAN’ হিচাপে নিৰ্বাচিন কৰা হৈছে জাহ্নৱী ডাংগেটীক।

জানিব পৰা মতে, ২০২৯ চনত মহাকাশ অভিযানত অংশগ্ৰহণ কৰিব জাহ্নৱীয়ে। য’ত তেওঁ পৃথিৱীখনক দুবাৰকৈ প্ৰদক্ষিণ কৰিব।

প্ৰায় পাঁচ ঘণ্টা ধৰি চলি থকা এই অভিযানৰ সময়ছোৱাত তেওঁ তিনি ঘণ্টা ধৰি সম্পূৰ্ণ ওজনহীনতাত থাকিব। এনে এক অভিজ্ঞতা কেৱল বৈজ্ঞানিক গৱেষণাৰ বাবেই নহয়, মানৱ মহাকাশ অভিযানৰ ভৱিষ্যতৰ বাবেও এক বৃহৎ মাইলৰ খুঁটি হ’বলৈ গৈ আছে। এই অভিযানৰ নেতৃত্ব দিব নাছাৰ প্ৰাক্তন মহাকাশচাৰী তথা আমেৰিকাৰ সেনাৰ অৱসৰপ্ৰাপ্ত কৰ্ণেল উইলিয়াম মেকআৰ্থাৰ জুনিয়ৰে, যি বৰ্তমান টাইটানছ স্পেচৰ মুখ্য মহাকাশচাৰী।