NORTHEAST NOW (Assamese)

অসমীয়া পৰম্পৰাৰে সজাই তোলা দুৰ্গা মণ্ডপে আকৰ্ষণ কৰিছে লিডুবাসীক

October 16, 2018 5:50 pm · মানস প্ৰতিম গগৈ

আজি মহাসপ্তমী। এই উপলক্ষে দেশ তথা ৰাজ্যৰ অন্যান্য থাইৰ লগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাতো এক উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে।

মহাসপ্তমী উপলক্ষে আজি মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চলত পূজাৰ উছাহ দেখিবলৈ পোৱা গৈছে। আনহাতে, মাৰ্ঘেৰিটাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি লিডু অঞ্চলত এইবাৰ ৰাইজৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে লিডুৰ এখন বিশেষ দুৰ্গা মণ্ডপ।

লিডু ৰে’লৱে সাৰ্বজনীন দূৰ্গা পূজাৰ মণ্ডপটি এইবাৰ সজাই তোলা হৈছে অসমীয়া পৰম্পৰা সংস্কৃতিৰে। দেৱী দুৰ্গাৰ প্ৰতিমাকো পৰিধান কৰোৱা হৈছে অসমীয়া সাজ পাৰ।

স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই আজি আনুষ্ঠানিক ভাৱে উক্ত পূজা মণ্ডপটোক উদ্বোধন কৰে।

https://youtu.be/cXJvgfVf3Wk

Related News