NORTHEAST NOW (Assamese)
অসম

জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়ালৈ বিশেষ সন্মান : আন্তৰ্জাতিক সংস্থাৰ ভাৰতৰ প্ৰতিনিধি হিচাপে বাছনি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 27, 2020 1:05 pm
nava.,thakuria(1)

জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াক প্ৰেছ এমব্লেম কেম্পেইন চমুকৈ পিইচি নামৰ আন্তৰ্জাতিক সংস্থাৰ ভাৰতৰ প্ৰতিনিধি হিচাপে বাছনি কৰা হৈছে।

উল্লেখযোগ্য যে,  চুইজাৰলেণ্ডৰ জেনেভাস্থিত সংস্থাটোৱে সমগ্ৰ পৃথিৱীতে ঘটি থকা সাংবাদিক হত্যা, সংবাদকৰ্মীৰ ওপৰত হোৱা নিগ্ৰহ আৰু শেহতীয়াকৈ ক’ভিডত মৃত্যু হোৱা সাংবাদিকৰ তালিকা প্ৰস্তুত কৰি আহিছে (https://www.pressemblem.ch/pec-news.shtml)

কেবাখনো দেশৰ জ্যেষ্ঠ সাংবাদিকৰ উদ্যোগত ২০০৪ চনত জন্ম লাভ কৰা সংস্থাটোৰ সম্পাদক-প্ৰধান ব্লেইজ্ লেম্পেনে ঠাকুৰীয়াক এই দায়িত্ব অৰ্পণৰ বিষয়ে অৱগত কৰায়।

লগতে সংস্থাটোৱে জাৰ্নেলিষ্ট ফ’ৰাম অসম(সভাপতি ৰূপম বৰুৱা)ক ইয়াৰ সহযোগী সংগঠন হিচাপে মান্যতা প্ৰদান কৰিছে।

২০১০ চনৰ পৰা ৰাষ্ট্ৰসংঘত নিজৰ বক্তব্য উপস্থাপন কৰি অহা সংস্থাটোৱে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কৰ্মৰত সাংবাদিকৰ আৰ্থিক অৱস্থা সম্পৰ্কতো অধ্যয়ন কৰিব।

আজিৰ পৰা তিনিদশক পূৰ্বে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ঠাকুৰীয়াই অসমীয়া কাকতৰ জৰিয়তে সাংবাদিকতা জীৱন আৰম্ভ কৰে।

সম্প্ৰতি তেওঁ বহুকেইখন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কাকতত সাংবাদিকতা আৰু সাংবাদিকৰ বিভিন্ন সমস্যাৰ ওপৰত প্ৰবন্ধ লিখি আহিছে।

ঠাকুৰীয়াই  জেএফএৰ সম্পাদকৰ লগতে নৰ্থ ইষ্ট ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্ট আৰু প্ৰেছ ক্লাব অৱ অসমৰ কাৰ্যকৰী সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।