NORTHEAST NOW (Assamese)
দেশ

সেনা চাউনিৰ বাহিৰত দুগৰাকী অসামৰিক লোকৰ হত্যাক লৈ উত্তপ্ত জম্মু-কাশ্মীৰ: বিশেষ তদন্তৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 20, 2022 3:45 pm
Civilian Killed In Jammu-Kashmir

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত এক সেনা চাউনিৰ বাহিৰত সংঘটিত গুলীচালনাত দুগৰাকীকৈ সাধাৰণ নাগৰিকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ স্থানীয় জনসাধাৰণ। শুকুৰবাৰে সংঘটিত এই ঘটনাত দুগৰাকী লোকৰ মৃত্যুৰ লগতে আন এগৰাকী আহত হোৱাৰ ফলত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়।

প্ৰতিবাদী জনতাই এই হত্যাকাণ্ডৰ ন্যায্য তদন্তৰ দাবী জনাই পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ পাছতে ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিবলৈ বাধ্য হৈছে প্ৰশাসন।

এই ঘটনাৰ পাছতে সেনাই এক টুইটযোগে শিবিৰটোত কিছু অচিনাক্ত সন্ত্ৰাসবাদীয়ে গুলীচালনা আৰম্ভ কৰা বুলি দাবী কৰাৰ বিপৰীতে স্থানীয় একাংশ প্ৰত্যক্ষদৰ্শীয়ে গেটত নিৰাপত্তাৰ দায়িত্বত থকা এগৰাকী চকীদাৰে চাউনিৰ ওচৰ চাপি অহা স্থানীয় লোকসকলৰ ওপৰত গুলীচালনা কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে।

সেনাৰ এই চকীদাৰৰ দায়িত্বত থকা জোৱানগৰাকীৰ গুলীবৰ্ষণৰ ফলত সাধাৰণ নাগৰিক দুগৰাকীৰ মৃত্যু হৈছিল বুলি গুৰুতৰ অভিযোগ তুলিছে স্থানীয় লোকসকলে।

প্ৰকাশিত খবৰ অনুসৰি, সোমবাৰে নিশা আৰক্ষীয়ে এই ঘটনাৰ তদন্তৰ বাবে গেজেট ৰেংকৰ এগৰাকী আৰক্ষী বিষয়াৰ নেতৃত্বত এছ আই টি গঠন কৰে।

ৰাজৌৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহম্মদ আছলামৰ তত্বাৱধানত গঠিত এছ আই টিৰ নেতৃত্ব দিব ৰাজৌৰীৰ উপ আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) চাঞ্চল সিঙে।

উল্লেখ্য যে, ৰাজৌৰী চহৰৰ ফালিয়ানা অঞ্চলৰ সেনা চাউনিৰ দ্বাৰত সংঘটিত হোৱা গুলীচালনাত স্থানীয় দুগৰাকী ব্যক্তি ক্ৰমে সুৰিন্দৰ কুমাৰ আৰু কমল কুমাৰ নিহত হৈছিল।

আনহাতে এই ঘটনাত আহত উত্তৰাখণ্ডৰ অনিল কুমাৰ নামৰ ব্যক্তিগৰাকী ৰাজৌৰীৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে বুলি স্থানীয় সূত্ৰই জানিবলৈ দিয়ে।