NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত আয়োজন কৰা বিশেষ ৰাজহ শিবিৰত খাজনা আদায় দিলে শতাধিক লোকে

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ May 21, 2019 2:39 pm
IMG-20190520-WA0012

শিৱসাগৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰাঙ্গনত সোমবাৰে দিনৰ ১১ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে এক বিশেষ ৰাজহ শিবিৰৰ আয়োজন কৰা হয়।  শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এচ লক্ষ্মণনে এই শিবিৰত উপস্থিত থাকি শিৱসাগৰ ৰাজহ চক্ৰ বিভাগৰ এই পদক্ষেপক প্ৰশংসা কৰাৰ লগতে উক্ত শিবিৰত ৰাইজৰ বিপুল সঁহাৰি দেখি সন্তুষ্টি প্ৰকাশ কৰে।

উল্লেখ্য যে,  শিৱসাগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পাঁচটা মৌজা ক্ৰমে নগৰমহল, বেতবাৰী, কোঁৱৰপুৰ, মেটেকা, বনগাওঁ আৰু জকাইচুকৰ অন্তৰ্গত বহু ব্যক্তিৰ মাটিৰ খাজানা ১০ বছৰৰো অধিক সময় ধৰি অনাদায় হৈ আছিল।

উক্ত শিবিৰৰ জড়িয়তে এই সকল ব্যক্তিয়ে খাজানা আদায় দিয়াৰ ব্যৱস্থা কৰা হয়। ইয়াৰ লগতে এই শিবিৰত ভূমি বা ৰাজহ সম্পৰ্কীয় যিকোনো বিষয়ে আবেদন কৰাৰো সুবিধা প্ৰদান কৰা হয়।

শিৱসাগৰৰ ৰাজহ চক্ৰ বিষয়া সম্প্ৰীতি গোস্বামীয়ে জনোৱা মতে,  শিৱসাগৰ ৰাজহ চক্ৰৰ পাঁচখন মৌজাৰ প্ৰায় ৭০০ জন ব্যক্তিৰ ১০ বছৰতকৈ অধিক কাল খাজনা অনাদায় হৈ থকাৰ বাবে জাননী প্ৰেৰণ কৰা হৈছিল।

এই বিশেষ শিবিৰৰ জড়িয়তে প্ৰায় দুই লাখ ছয়চল্লিশ হাজাৰ টকাৰ ৰাজহ সংগ্ৰহ কৰা হয়। তদুপৰি ২৮০ খন ভূমি আৰু ৰাজহ সম্পৰ্কীয় আবেদন পত্ৰও গ্ৰহণ কৰা হয় বুলি শিৱসাগৰ ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।