NORTHEAST NOW (Assamese)
Popular Stories

বিলাহীৰ লীলা! অখিলেশ যাদৱৰ টিপ্পনী: ‘স্পেচিয়েল টাস্ক ফৰ্চ’ৰ নাম হ’ব লাগে ‘স্পেচিয়েল টমেটো ফৰ্চ’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 14, 2023 3:06 pm
Tomato price

দেশৰ বজাৰত সৌসিদিনালৈ প্ৰায় মূল্যহীন বিলাহী এতিয়া মূল্যৱান দ্ৰব্য। বিলাহীয়ে এতিয়া দখল কৰিছে সংবাদ শিৰোনাম। চৰ্চা চলিছে ৰাজনৈতিক মহলতো; বিলাহী হৈ পৰিছে শাসকীয় চৰকাৰক কটাক্ষ কৰাৰ বিৰোধীৰ নতুন হাথিয়াৰ।

মুহূৰ্ততে বৃদ্ধি পোৱা দৰৰ ফলতেই এইদৰে চৰ্চাৰ আধাৰ হৈ পৰিছে বিলাহী। বিলাহী সম্পৰ্কীয় নানা উদ্ভট কাণ্ডও সম্প্ৰতি আহিছে পোহৰলৈ। ক’ৰবাত যদি বিলাহী চুৰি হৈছে, আন ক’ৰবাত আকৌ বিলাহী পহৰা দিবলৈ বাউন্সাৰো নিয়োগ কৰা হৈছে।

বিলাহীৰ বাবেই আকৌ সংসাৰ ভঙাৰ খবৰো পোহৰলৈ আহিছে। মুঠতে এতিয়া বিলাহী হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু। এইবাৰ বিলাহীক লৈয়ে এক টিপ্পনী এৰিছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে।

যাদৱে বিলাহী কেন্দ্ৰিক এক বিশেষ ঘটনাৰ বাবেই উত্তৰ প্ৰদেশ আৰক্ষীৰ ‘স্পেচিয়েল টাস্ক ফৰ্চ’ৰ নাম সলনিৰ পৰামৰ্শ আগবঢ়াইছে। যাদৱৰ মতে, ‘স্পেচিয়েল টাস্ক ফৰ্চ’ৰ নাম সলনি কৰি ‘স্পেচিয়েল টমেটো ফৰ্চ’ নামেৰে নতুনকৈ নামাকৰণ কৰিব লাগে।

বিৰোধী নেতাগৰাকীয়ে কিয় আগবঢ়াইছে এই প্ৰস্তাৱ? শেহতীয়াকৈ ৰাজ্যখনৰ ফাতেহপুৰ জিলাৰ এখন বজাৰ এলেকাত দুখন দোকানৰ পৰা মুঠ ২৬ কেজি বিলাহী চুৰি হৈছিল। চোৰে লগতে চুৰি কৰিছিল ২৫ কেজি মৰিচা, ৮ কেজি আদা।

এই গোচৰৰ সৈতে জড়িত দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। আৰক্ষীৰ তথ্য অনুসৰি, যোৱা ১০ জুলাইত সংঘটিত হয় এই ঘটনা।

দোকান দুখনৰ স্বত্বাধিকাৰীয়ে নিশা দোকান সামৰি ঘৰলৈ যোৱালৈকে সকলো ঠিকেই আছিল। কিন্তু পিছদিনা ৰাতিপুৱা যেতিয়া তেওঁলোকে দোকান খুলিলে, তেতিয়া তেওঁলোকে দোকানৰ পৰা বৃহৎ পৰিমাণৰ বিলাহী, আদা, মৰিচা নোহোৱা হৈছে বুলি জানিব পাৰে।

বৃহস্পতিবাৰে দুয়ো দোকানীয়ে আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছত কামতা প্ৰসাদ আৰু মহম্মদ ইছলাম নামৰ দুগৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ ধাৰাৰ অধীনত দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু কৰে।

এই চুৰিকাণ্ডক লৈয়ে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে উত্তৰ প্ৰদেশ আৰক্ষীক কটাক্ষ কৰি ‘স্পেচিয়েল টাস্ক ফৰ্চ’ৰ নাম ‘সলনি কৰি ‘স্পেচিয়েল টমেটো ফৰ্চ’ কৰাৰ পৰামৰ্শ দিয়ে।