NORTHEAST NOW (Assamese)

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত চেমিকণ্ডাক্টৰ সম্পৰ্কীয় বিশেষ কৰ্মশালাৰ আয়োজন

January 24, 2026 6:58 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতক ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে এখন আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ভাৰত চৰকাৰে আৰম্ভ কৰা ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছনক সফল কৰিবলৈ অসমত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই লক্ষ্য আগত ৰাখি গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেচন ইঞ্জিনীয়াৰিং বিভাগ আৰু আইআইটি গুৱাহাটীৰ নোভেল ইন্টিগ্ৰেটেড ইলেক্ট্ৰনিক্স লেবৰ যৌথ উদ্যোগত পাঁচ দিনীয়া এক বিশেষ কৰ্মশালাৰ আয়োজন কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা এই কৰ্মশালাখনত মূলত মুক্ত উৎসৰ সঁজুলি বা অপেন ছৰ্ছ টুলছ ব্যৱহাৰ কৰি কেনেকৈ ভি এল এছ আই ডিজাইন কৰিব পাৰি সেই বিষয়ে হাতে-কামে শিক্ষা দিয়া হব।

এই কৰ্মশালাখনত অংশগ্ৰহণকাৰীসকলক ছেমিকণ্ডাক্টৰ বা চিপ ডিজাইনৰ বিভিন্ন কাৰিকৰী দিশৰ বিষয়ে গভীৰ জ্ঞান প্ৰদান কৰা হব। ইয়াত বিশেষকৈ অপেন ৰোডৰ দৰে উদ্যোগিক পৰ্যায়ৰ চফ্টৱেৰ ব্যৱহাৰ কৰি চিপ এটা প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি ইয়াৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ প্ৰক্ৰিয়া সমূহ শিকোৱা হব। ইয়াৰ ভিতৰত আৰ টি এল চিন্থেছিছ, ফ্লৰ প্লেনিং, প্লেচমেণ্ট আৰু বিভিন্ন ধৰণৰ ভেৰিফিকেচন বা সত্যপন প্ৰক্ৰিয়াৰ দৰে গুৰুত্বপূৰ্ণ বিষয় অন্তৰ্ভুক্ত আছে। এই প্ৰশিক্ষণৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে চিপ এটা কেনেকৈ নিৰ্মাণ কৰা হয় আৰু ই কেনেকৈ কাম কৰে সেই বিষয়ে ব্যৱহাৰিক অভিজ্ঞতা লাভ কৰিব পাৰিব।

অসমৰ লগতে সমগ্ৰ দেশৰ ইঞ্জিনীয়াৰিং বিভাগৰ ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু অধ্যাপকসকলক এই ক্ষেত্ৰত দক্ষ কৰি তোলাই হৈছে এই কাৰ্যসূচীৰ মূল উদ্দেশ্য। বৰ্তমান সময়ত চিপ ডিজাইন আৰু ফেব্ৰিকেচনৰ ক্ষেত্ৰত ভাৰতত যি এক নতুন পৰিৱেশ গঢ়ি উঠিছে তাত আমাৰ দেশৰ যুৱক-যুৱতীসকলক নিয়োগৰ বাবে যোগ্য কৰি তোলাৰ ক্ষেত্ৰত এই কৰ্মশালাই এক বিশেষ ভূমিকা লব। পুথিগত শিক্ষা আৰু উদ্যোগ খণ্ডৰ প্ৰয়োজনীয়তাৰ মাজত থকা ব্যৱধান দূৰ কৰি ভাৰতক ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত ই এক যোগাত্মক পদক্ষেপ হিচাপে বিবেচিত হৈছে।

সম্পূৰ্ণ অফলাইন পদ্ধতিৰে অনুষ্ঠিত হবলগীয়া এই কৰ্মশালাখনত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক ই সি ই আৰু ই ই ই দৰে বিভাগৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ বাবে বিশেষ সুবিধা প্ৰদান কৰা হৈছে। যিসকল অংশগ্ৰহণকাৰী বাহিৰৰ পৰা আহিব তেওঁলোকৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অনুৰোধ সাপেক্ষে থকা-মেলাৰ ব্যৱস্থাও কৰি দিব। এই বিশেষ উদ্যোগৰ জৰিয়তে অসমত কাৰিকৰী শিক্ষাৰ মানদণ্ড অধিক উন্নত হোৱাৰ লগতে ৰাজ্যখনৰ পৰাই এচাম দক্ষ বৈজ্ঞানিক আৰু অভিযন্তা সৃষ্টি হব বুলি আশা প্ৰকাশ কৰা হৈছে।

Related News