NORTHEAST NOW (Assamese)
Popular Stories

অনন্য প্ৰেৰণা! চেৰিব্ৰেল পালচিক পৰাজিত কৰি UPSCতো উত্তীৰ্ণ আই আই টিৰ স্নাতক মানৱেন্দ্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 26, 2025 12:31 pm

ইউ পি এছ চিত সফলতা লাভ কৰাতো মুখৰ কথা নহয়। বহু ছাত্ৰ-ছাত্ৰীয়ে দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত এই পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰে। শাৰীৰিক অক্ষমতাৰ সৈতে এই পৰীক্ষাত উত্তীৰ্ণ হোৱাটো আৰু অধিক কঠিন হৈ পৰে।

উত্তৰ প্ৰদেশৰ মীৰুটৰ বাসিন্দা মানৱেন্দ্ৰ সিঙে সেই কঠিন বাস্তৱতাক জয় কৰিছে। মস্তিষ্কৰ পক্ষাঘাত ৰোগত (চেৰিব্ৰেল পালচি) আক্ৰান্ত হোৱাৰ পিছতো ২০২৫ চনৰ ইউ পি এছ চি অভিযান্ত্ৰিক সেৱা পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হয়। সৰ্বভাৰতীয় পৰ্যায়ত তেওঁৰ ৰেংক ১১২। প্ৰথম প্ৰয়াসতে এই সফলতা মানবেন্দ্ৰৰ জীৱনৰ এক অনন্য মাইলৰ খুঁটি।

সৰুৰে পৰাই মানৱেন্দ্ৰ মস্তিষ্কৰ পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ আহিছে। মাত্ৰ ছমাহ বয়সতে তেওঁৰ এই ৰোগ ধৰা পৰে। ইয়াৰ বাবে পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি দৈনন্দিন কাম-কাজলৈকে সকলোতে বাধাৰ সৃষ্টি হৈছিল। সৰুতে তেওঁ পেঞ্চিল এডালো ভালদৰে ধৰিব পৰা নাছিল।

মানবেন্দ্ৰৰ মাতৃ ৰেণু সিং স্কুলৰ শিক্ষয়িত্ৰী। পুত্ৰৰ চিকিৎসাৰ বাবে দেশৰ ৫০খনতকৈও অধিক চিকিৎসালয় ঘুৰিছে। ১৭ বছৰ বয়সত পিতৃক হেৰুৱাইছিল মানৱেন্দ্ৰই। সেই সময়ত পৰিয়ালটো মানসিককভাৱে বিধ্বস্ত হৈ পৰিছিল যদিও ক্ৰমান্বয়ে তেওঁ দায়িত্ব ল’বলৈ শিকিছিল।

তেওঁক দ্বাদশ শ্ৰেণীৰ পিছত তুলনামূলকভাৱে সহজ পৰীক্ষা দিবলৈ পৰামৰ্শ দিয়া হৈছিল যদিও মানৱেন্দ্ৰই আই আই টিৰ ওপৰত দৃষ্টি ৰাখিছিল। গেট পৰীক্ষাত তেওঁৰ সৰ্বভাৰতীয় ৰেংক আছিল ৬৩। আই আই টি পাটনাৰ পৰা ইলেক্ট্ৰনিকছ আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ বি টেক কৰিছিল।

ইয়াৰ পিছত তেওঁ ইউ পি এছ চি ইঞ্জিনিয়াৰিং চাৰ্ভিচেছৰ বাবে প্ৰস্তুতি চলাবলৈ দিল্লীলৈ যায়। এই অধ্যৱসায়ৰ ফলতে সফলতা আহিছে। পুত্ৰৰ সফলতা সন্দৰ্ভত মাতৃ ৰেণু সিঙে কয় যে, “ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হোৱাটো এটা দীঘলীয়া আৰু কঠিন পৰীক্ষা। মানৱেন্দ্ৰই সৰুৰে পৰা শাৰীৰিক আৰু সামাজিক বাধাৰ বিৰুদ্ধে যুঁজি আহিছে।”

মনবেন্দ্ৰ সিঙৰ এই সফলতা কেৱল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কাহিনী নহয়। ই অধ্যৱসায়, আত্মবিশ্বাস আৰু অদম্য মানসিক শক্তিৰ নিদৰ্শন। তেওঁৰ এই যাত্ৰাই প্ৰমাণ কৰে যে শাৰীৰিক সীমাবদ্ধতা কেতিয়াও সফলতাৰ বাধা হ’ব নোৱাৰে।