NORTHEAST NOW (Assamese)
Popular Stories

বৰপেটা : দ্ৰুতবেগী বাছৰ খুন্দাত থিতাতে নিহত দুই বাইক আৰোহী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 8, 2023 3:11 pm

বৰপেটা ৰোডত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। পথৰ বিপৰীত দিশলৈ পাৰ হ’বলৈ গৈ ডাইভাৰচনত ৰৈ থকা অৱস্থাত এখন দ্ৰুতবেগী যাত্ৰীবাহী বাছৰ খুন্দাত নিহত হয় দুজন বাইকাৰ।

শনিবাৰে দুপৰীয়া ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা। বাছখনৰ তীব্ৰ গতিবেগৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে দাবী কৰিছে।

নিহত দুজন ক্ৰমে টেঙেলিয়া গাঁও আৰু খোইৰাবাৰী বগোৰীয়া পাৰা গাঁৱৰ আবেদ আলী আৰু মনোৱাৰ আলী।

সূত্ৰই জনোৱা মতে, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বৰপেটা পথৰ দহ মাইল এলেকাত গুৱাহাটী অভিমুখী ‘এ এছ ১৪ এ চি ০৩১৫’ নম্বৰৰ বাছখনে স্থবিৰ বাইকখনক খুন্দা মাৰে।

ঘটনাৰ পিছতে অঞ্চলটোত এক বৃহৎ জনসমাগম হৈ বাছখনৰ চালকজনক আটক কৰে। ইয়াৰ পিছতে স্থানীয় আৰক্ষীয়ে পৰিস্থিতিৰ নিয়ন্ত্ৰণলৈ আনে।

ইয়াৰ পূৰ্বে আজি শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰিহাটত সংঘটিত হোৱা এক বৃহৎ দুৰ্ঘটনাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ নিহত হোৱাৰ বিপৰীতে আন চাৰিজন আহত হয়।

শনিবাৰে পুৱাই সংঘটিত হোৱা এই দুৰ্ঘটনাটোত ‘এ এছ ০১ বি জি ৯৭১০’ নম্বৰৰ এখন চুইফটৰ বাহনে পিছফালৰ পৰা তীব্ৰ বেগেৰে ডাম্পাৰ ট্ৰাকৰ সৈতে খুন্দা মাৰে।

নিহত ছাত্ৰজনক লুকু শৰ্মা বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, ডিব্ৰুগড় জিলাৰ পৰা মঙলদৈলৈ আহি থকা অৱস্থাত জামুগুৰিহাটৰ ধলাইবাৰী অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা।