NORTHEAST NOW (Assamese)
অসম

আজিৰ পৰা স্পাইচ জেটে আৰম্ভ কৰিব গুৱাহাটী-আহমেদাবাদৰ মাজত পোনপটীয়া বিমান সেৱা

Posted by: এন ই নাও নিউজ December 20, 2018 8:25 am
SpiceJet...-750x375

অসমৰ যাতায়াত ব্যৱস্থাত এক নতুন সংযোজন। আজিৰ পৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা গুজৰাটৰ আহমেদাবাদলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হ’ব। কেন্দ্ৰীয় চৰকাৰৰ উড়ান আঁচনিৰ অধীনত বিমান সংস্থা স্পাইচ জেটে এই প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰিব।

জানিব পৰা মতে দেওবাৰৰ বাহিৰে সপ্তাহৰ বাকী দিনকেইটাত এই বিমান সেৱা চলিব। সোমবাৰৰ পৰা শনিবাৰলৈ বিয়লি ৪.০৫ বজাত আহমেদাবাদৰ পৰা বিমানখনে যাত্ৰা আৰম্ভ কৰিব আৰু সন্ধিয়া ৭.১০ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব।

আনহাতে একেখন বিমানেই সন্ধিয়া ৭.৪০ বজাত বৰঝাৰৰ .পৰা যীআত্ৰা আৰম্ভ কৰিব আৰু ১০.৪৫ বজাত আহমেদাবাদত উপস্থিত হ’ব।

ইফালে বিমান সংস্থাটোৱে গুৱাহাটীৰ পৰা আহমেদাবাদলৈ ভাৰা নিৰ্ধাৰিত কৰিছে ৫৪১৯ টকা আৰু আহমেদাবাদৰ পৰা গুৱাহাটীলৈ ৫০৯৯ টকা।

উল্লেখ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰা দেশৰ প্ৰধান চহৰ তথা বিমানবন্দৰসমূহলৈ বিমান চলাচল কৰাৰ বাবে বিমান সংস্থাসমূহক আহ্বান জনাইছিল। আৰু সেই আহ্বানৰ বাবেই আজিৰ পৰা বিমান সংস্থা স্পাইচ জেটে এই প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰিব।