NORTHEAST NOW (Assamese)
অসম

ক্ৰীড়া মন্ত্ৰালয়ৰ সিদ্ধান্ত: খেলুৱৈৰ প্ৰশিক্ষণৰ বাবে বিনামূলীয়া হ’ব ষ্টেডিয়াম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 14, 2019 10:59 am
kiren_1571023764_618x347 3

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘ফিট ইণ্ডিয়া’ অভিযানক আগবঢ়াই নিয়াৰ লক্ষ্যৰে ক্ৰীড়া মন্ত্ৰালয়ে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে।

ক্ৰীড়া মন্ত্ৰালয়ে ষ্টেডিয়ামসমূহ সকলোৰে বাবে মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ লীগৰ আয়োজনৰ বাবে ষ্টেডিয়ামৰ সকলো সুবিধা বিনামূলীয়া কৰা হ’ব।

ক্ৰীড়া মন্ত্ৰালয়ে সমগ্ৰ দেশতে ক্ৰীড়াক উৎসাহিত কৰিবলৈ তথা খেলুৱৈসকলক বুনিয়াদী সুবিধা আগবঢ়োৱাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

কিৰেন ৰিজিজুৱে কয়,’’মই ভাবো যে এথলিটসকলক সকলো সুবিধা দিয়া উচিত আৰু ক্ৰীড়াৰ সুবিধাসমূহ তেওঁলোকৰ বাবেই বনোৱা হৈছে। প্ৰশিক্ষকসকলেও তেওঁলোকৰ প্ৰশিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ এই ষ্টেডিয়ামসমূহত প্ৰশিক্ষণ দিয়াৰ বাবে অনলাইন বুকিং কৰিব পাৰিব।‘’

ক্ৰীড়া মন্ত্ৰালয়ে জৱাহৰলাল নেহৰু ষ্টেডিয়াম আৰু কৰ্ণী সিং আৰ্চাৰী ৰেঞ্জকে ধৰি দিল্লীৰ চাৰিখন ষ্টেডিয়াম কোনো মাছুল অবিহনে সকলো খেলুৱৈৰ বাবে অহা ১ নৱেম্বৰৰ পৰা মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ফিট ইণ্ডিয়াক উৎসাহিত কৰা আৰু দেশৰ খেলুৱৈসকলক খেলপথাৰত সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ক্ৰীড়া মন্ত্ৰী ৰিজিজুৱে কয় যে দেশত ক্ৰীড়া সংস্কৃতিক উৎসাহিত কৰিবলৈ বৰ্তমান উপলব্ধ খেলৰ বুনিয়াদী সুবিধাসমূহৰ ব্যৱহাৰ আগন্তুক তিনিমাহত তিনিগুম বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

তেওঁ কয় যে ইয়াৰ দ্বাৰা কেবল ফিট ইণ্ডিয়াকে তুলি ধৰা নহয়, লগতে যুৱসকলেও ক্ৰীড়াত অংশগ্ৰহণ কৰাৰ বাবে অনুপ্ৰাণিত হ’ব।