NORTHEAST NOW (Assamese)
Popular Stories

ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জিনিলে শিৱ থাপাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 21, 2021 5:32 pm
Shiva Thapa

অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে আন এক সুখবৰ।

ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমৰ তাৰকা বক্সাৰ শিৱ থাপাই।

কৰ্ণাটকত অনুষ্ঠিত হোৱা পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় এলাইট বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত আজি ছাৰ্ভিচেজৰ বক্সাৰ দলবীৰ সিং তোমৰক পৰাস্ত কৰি স্বৰ্ণ পদক জয় কৰে।

ফাইনেলত শিৱ থাপাই দুৰ্দ্দান্ত প্ৰদৰ্শন দাঙি ধৰি প্ৰতিপক্ষ বক্সাৰ জনক ৫-০ ব্যৱধানত পৰাস্ত কৰে।

অলিম্পিয়ান বক্সাৰ গৰাকীয়ে আজি আৰম্ভণিৰে পৰাই দমনীয় প্ৰদৰ্শন দাঙি ধৰে আৰু শক্তিশালী পাঞ্চেৰে বিপক্ষৰ খেলুৱৈজনক প্ৰতি আক্ৰমণৰ কোনো সুযোগেই নিদিলে।

Also read : বেংকৰ উচ্চ পদস্থ বিষয়া সৰ্বেশ্বৰ দাসৰ কোভিড আক্ৰান্ত হৈ গুৰগাঁৱত চিকিৎসাধীন অৱস্থাত মৃত্যু

উল্লেখ্য যে, এই জয়েৰে শিৱ থাপাই বেলগ্ৰেডত অনুষ্ঠিত হ’বলগীয়া আইবা এলাইট ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰিছে। উক্ত প্ৰতিযোগিতাখন অক্টোবৰৰ ২৬ তাৰিখৰ পৰা ৬ নৱেম্বৰ তাৰিখলৈকে অনুষ্ঠিত হ’ব।