NORTHEAST NOW (Assamese)
Popular Stories

প্ৰাক্তন ক্ৰিকেটাৰৰ মন্তব্য : মই নিৰ্বাচক হ’লে শিখৰ ধাৱানক টি-২০ দলত স্থান নিদিলো হয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 6, 2020 4:48 pm
Shikhar_Dhawan

চলিত বছৰৰ শেষৰফালে অষ্ট্ৰলিয়াত অনুষ্ঠিত হ’ব লগীয়া টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলত বাঁওহতীয়া অপেনাৰ বেটছমেন শিখৰ ধাৱানৰ ঠাইত কে এল ৰাহুলক অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰিছে ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচক ক্ৰিছ শ্ৰীকান্তে।

দীৰ্ঘদিনৰ বিৰতিৰ মূৰত ভাৰতীয় দললৈ উভটি অহা শিখৰ ধাৱানৰ অনুপস্থিতিত সীমিত অভাৰৰ ক্ৰিকেটত ৰাহুলে সুন্দৰ বেটিং প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছিল। সেয়ে শ্ৰীকান্তে ধাৱানৰ ঠাইত ৰাহুলক অগ্ৰাধিকাৰ দিছে।

৩৪ বছৰীয়া বাঁওহতীয়া বিস্ফোৰক বেটছমেন ধাৱানে যোৱা বছৰ আগষ্ট মাহতে প’ৰ্ট অব স্পেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শেষবাৰৰ বাবে এদিনীয়া মেচত অংশ লৈছিল।

আনহাতে ধাৱানৰ ঠাইত অপেনিং বেটছমেন হিচাপে অন্তৰ্ভুক্ত হোৱা ৰাহুলে ৱেষ্ট ইণ্ডিৰ বিৰুদ্ধে সদ্য সমাপ্ত এদিনীয়া শৃংখলাটোত যথেষ্ট ভাল প্ৰদৰ্শন আগবঢ়াইছে।

উল্লেখ্য যে ফৰ্ম আৰু আঘাতৰ বাবে দলৰ পৰা বাহিৰ হৈ থকা শিখৰ ধাৱানক শ্ৰীলংকাৰ বিৰুদ্ধে চলি থকা তিনিখনীয়া টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলত পুনৰ অন্তৰ্ভুক্ত কৰা হৈছে।