NORTHEAST NOW (Assamese)
অসম

“কেব”ৰ বিৰুদ্ধে ৰাজপথলৈ ওলাল শংকৰদেৱ সংঘৰ ৫৩খন জিলা সমিতি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 13, 2019 9:37 pm
atul-borah

ৰাজ্যজুৰি জাতিধ্বংসী “কেব”ৰ বিৰুদ্ধে ক্ষোভৰ জুই জ্বলি থকাৰ সময়তে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিল অসমৰ বৃহত্তম ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ।

আজি অনুষ্ঠানটোৰ মুঠ ৫৩খন জিলা সমিতিয়ে “কেব”ৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়ায় আৰু আইনখন বাতিল কৰাৰ দাবীৰে জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

ধৰ্মীয়-সাংস্কৃতিক অনুষ্ঠানটোৰ দিল্লী মহানগৰ শাখাই পোনপটীয়াকৈ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি আইনখন বাতিলৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰা বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত জানিবলৈ দিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে।

সংঘৰ স্থিতি প্ৰকাশ কৰি কমলাকান্ত গগৈয়ে কয়, “অসমৰ ৰাইজৰ লগত আমি সদায় আছো। “কেব” আমি কেতিয়াও নামানো। “কেব”ৰ সমৰ্থকক আমি কেতিয়াও সহযোগ নকৰো। যদি জাতিটোৱে নাথাকে আমি থাকিম ক’ত?”

ইপিনে, ২০২০ চনত বোকাখাতত অনুষ্ঠিত হ’ব লগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ কাৰ্য্যকৰী সভাপতিৰ দায়িত্বত আছে অগপ সভাপতি অতুল বৰা। কিন্তু “কেব”ক লৈ অতুল বৰাৰ স্থিতিক লৈ দোমোজাত পৰিছে আদৰণি সমিতিৰ বিষয়ববীয়াসকল।

বোকাখাতত হোৱা প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি আদৰণি সমিতিৰ অন্য এগৰাকী বিষয়ববীয়াই বৰাক আদৰণি সমিতিৰ পৰা পদত্যাগ কৰি ৰাইজৰ কাষত থিয় হ’বলৈ আহ্বান জনায়।

“অতুল বৰাৰ আমি পদত্যাগ বিচাৰিম। তেওঁ “কেব”ৰ সমৰ্থন কৰিছে। “কেব” নথকাহেঁতেন তেওঁ আদৰণি সমিতিত থাকিব পাৰিলে হেঁতেন। সংঘৰ মূল বিষয়ববীয়াসকলে ইয়াৰ বিচাৰ কৰি পদক্ষেপ ল’ব।” আদৰণি কমিটিৰ এজন বিষয়াই ক্ষোভ প্ৰকাশ কৰি এইদৰে কয়।

ইপিনে, অতুল বৰাৰ “কেব”ক সমৰ্থন কৰা বিষয়টো সংঘৰ কাৰ্য্যনিৰ্বাহক বৈঠকত আলোচনা কৰিব বুলি পদাধিকাৰ কমলাকান্ত গগৈয়ে জানিবলৈ দিয়ে।

“আমি অচিৰেই কাৰ্য্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰি এই সন্দৰ্ভত আলোচনা কৰিম। আলোচনা কৰি এক সিদ্ধান্ত লোৱা হ’ব”, গগৈৰ মন্তব্য।