NORTHEAST NOW (Assamese)
অসম

মহাপুৰুষ সন্দৰ্ভত সতীনাথ বৰালৰ কটূ মন্তব্য : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিবাদত উত্তাল নগাঁও

Posted by: এন ই নাও নিউজ October 4, 2018 4:06 pm
nagaon baral protest.photo

অসমীয়া জাতীয় জীৱনৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সন্দৰ্ভত পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বৰালে কৰা কটূ মন্তব্যক লৈ আজিও গুৰুজনাৰ আদি লীলাভূমি নগাঁও উত্তাল হৈ পৰে।

নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰৱল প্ৰতিবাদৰ পিছত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখায়ো প্ৰতিবাদী সমদল বাহিৰ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীটোৰ জৰিয়তে উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠানটোৰ সদস্য সকলে অসমীয়াৰ স্বাভিমানত আঘাত হানি সমন্বয়-সংহতি বিনষ্ট কৰি অসমীয়া সমাজখনৰ হৃদস্পন্দন ৰুদ্ধ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা সকলক কঠোৰ সকীয়নি প্ৰদান কৰে।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল কাৰ্যালয়ৰ পৰা নগাঁও চহৰৰ মাজেৰে উলিওৱা এই প্ৰতিবাদী সমদলৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ এই বিষয়টোৰ সন্দৰ্ভত তদন্ত কৰি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰা হয়।