NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত উপস্থিত হ’ল ভাৰতীয় বেডমিণ্টনৰ দুই সম্ৰাজ্ঞী ছাইনা নেহৱাল আৰু পি ভি সিন্ধু

Posted by: এন ই নাও নিউজ February 13, 2019 5:57 pm
Saina-sindhu_jpg_

আজি গুৱাহাটীত উপস্থিত হ’ল ভাৰতীয় বেডমিণ্টনৰ দুই সম্ৰাজ্ঞী ছাইনা নেহৱাল আৰু পি ভি সিন্ধু । গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত চলি থকা য়’নেক্স-ছানৰাইজ ৮৩ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাত অংশ লোৱাৰ উদ্দেশ্যেই গুৱাহাটীলৈ আহিছে দুয়োগৰাকী খেলুৱৈ।

সুদীৰ্ঘ ৯ বছৰৰ অন্তত এইবাৰ গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ অতিকৈ সন্মানীয় ছিনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাখনৰ মূল আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ভাৰতৰ আগশাৰীৰ এই দুগৰাকী মহিলা শ্বাটলাৰ ক্ৰমে ছাইনা আৰু সিন্ধু।

নিজৰ দক্ষতা আৰু অভিজ্ঞতাৰে বেডমিণ্টন ক্ষেত্ৰখনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা এই দুয়োগৰাকী শ্বাটলাৰৰ খেল উপভোগ কৰিবলৈ এতিয়া অধীৰ আগ্ৰহেৰে বাট চাই আছে অসমৰ দৰ্শক।

একেখন চহৰতে বেডমিণ্টনৰ আদি পাঠ গ্ৰহণ কৰা এই দুয়োগৰাকী শ্বাটলাৰ পৰস্পৰৰ মুখামুখি হ’লেই গুৱাহাটীৰ দৰ্শকে উপভোগ কৰিবলৈ সুযোগ লাভ কৰিব এখন হাইভ’ল্টেজ মেচ।

উল্লেখ্য যে ছাইনা নেহৱালে প্ৰতিযোগিতাখনত ডিফেণ্ডিং চেম্পিয়ন হিচাপে অংশ ল’ব। ছাইনা নেহৱালে যোৱা বছৰ পি ভি সিন্ধুক হৰুৱাই চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছিল। কিন্তু সিন্ধুৱে এইবাৰ সহজে এই সুযোগ নিদিয়ে ছাইনা নেহৱালক। সেয়ে এইবাৰৰ প্ৰতিযোগিতাখনে এক আকৰ্ষণীয় ৰূপ ল’ব বুলি ধাৰণা কৰিছে ক্ৰীড়াপ্ৰেমীসকলে।

ইফালে পুৰুষৰ ছিংগলছ শাখাত আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ’ব প্ৰাক্তন চেম্পিয়ন সমীৰ বাৰ্মা আৰু পাৰুপল্লী কাশ্যপ।