NORTHEAST NOW (Assamese)

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm · এন ই নাও নিউজ, গুৱাহাটী

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰে হেনৰী নোৱাকৰ হত্যাকাণ্ডক লৈ আমেৰিকাই ব্ৰিটিছ গণতান্ত্ৰিক প্ৰক্ৰিয়াত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

তেওঁ কয় যে হেনৰী ন’ৱাকৰ হত্যাকাণ্ডক লৈ আমেৰিকাৰ কিছুমান শীৰ্ষস্থানীয় পৰ্যায়ৰ মন্তব্য ব্ৰিটেইনৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত হস্তক্ষেপৰ সমান।

ডাউনিং ষ্ট্ৰীটে কোনো নিৰ্দিষ্ট ব্যক্তিৰ নাম উল্লেখ কৰা নাই যদিও আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সৰ শেহতীয়া বক্তব্যক লৈ সৃষ্টি হোৱা কূটনৈতিক উত্তেজনাৰ সৈতে এই বিষয়টো জড়িত বুলি ধাৰণা কৰা হৈছে।

ছ’চিয়েল মিডিয়াত এটা পোষ্টত জে ডি ভ্যান্সে দাবী কৰে যে ইউৰোপৰ ৰাজনৈতিক অভিজাত শ্ৰেণীৰ ‘আত্ম বিদ্বেষৰ ৰাজনীতি’ আৰু ‘ব্যাপক অনুপ্ৰৱেশ নীতি’ নহ’লে হেনৰী ন’ৱাক আজি জীয়াই থাকিলহেঁতেন। তেওঁ লগতে কয় যে বহু অনুপ্ৰৱেশকাৰীৰ পশ্চিমীয়া সমাজ আৰু পশ্চিমীয়া পন্থী নাগৰিকৰ প্ৰতি ‘শত্ৰুতাপূৰ্ণ মনোভাৱ’ আছে।

ডাউনিং ষ্ট্ৰীটৰ এগৰাকী মুখপাত্ৰই কয় যে, “আমি শেহতীয়াকৈ দেখিছো যে কিছুমান ব্যক্তিয়ে আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰি আমাৰ পথত বিভাজন সিঁচিবলৈ চেষ্টা কৰিছে।”

তেওঁ লগতে কয়, “পুত্ৰক হেৰুৱাই নোৱাক পৰিয়ালে গভীৰ শোকত আছে। তেওঁলোকে স্পষ্ট কৰি দিছে যে এই মৃত্যুক কেন্দ্ৰ কৰি যাতে কোনো বিভাজন, ঘৃণা বা উত্তেজনা সৃষ্টি কৰা নহয়। তেওঁলোকৰ ইচ্ছাক আমি সন্মান কৰিব লাগিব।”

হেনৰী ন’ৱাকক ছুৰীৰে আঘাত কৰি হত্যা কৰাৰ পিছত ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভিডিঅ’ত দেখা গৈছে যে তেওঁ গুৰুতৰভাৱে আহত হৈ মাটিত পৰি থকা অৱস্থাত আৰক্ষীয়ে তেওঁক হেণ্ডকাফ লগাইছে। আক্ৰমণকাৰী বিক্ৰম ডিগৱাই প্ৰথমে নোৱাকৰ বিৰুদ্ধে বৰ্ণবাদী আচৰণৰ অভিযোগ উত্থাপন কৰিছিল যদিও পিছত হত্যাৰ দোষী সাব্যস্ত হয় আৰু তেওঁক নূন্যতম ২১ বছৰৰ যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়।

এই ঘটনাই ব্ৰিটেইনত জনসাধাৰণৰ ব্যাপক ক্ষোভৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ আচৰণকলৈও প্ৰশ্ন উত্থাপন কৰিছে। এই বিষয়টোৰ ওপৰত এতিয়া স্বতন্ত্ৰ আৰক্ষী আচৰণ পৰ্যবেক্ষণ সংস্থাৰ তদন্ত আৰম্ভ হৈছে।

আমেৰিকাৰ বৈদেশিক কাৰ্যালয়েও এই কাণ্ডক “পশ্চিমীয়া সভ্যতাৰ অৱনতিৰ” উদাহৰণ বুলি অভিহিত কৰি কয় যে “নৰ্মেটিভ কণ্ডিচনিং” আৰু “টু-টাইয়াৰ পুলিচিং” পশ্চিমীয়া দেশসমূহৰ বাবে চিন্তনীয় লক্ষণ।

পিছত ষ্টাৰমাৰে এল বি চি ৰেডিঅ’ক কয় যে, “আৰক্ষীয়ে নিৰপেক্ষভাৱে কাম কৰিব লাগিব – কোনে কি কয় বা কোনখন দেশৰ পৰা কয় সেয়া ডাঙৰ কথা নহয়।” আৰক্ষীৰ কার্যক লৈ কঠোৰ প্রশ্ন কৰাটোও জৰুৰী বুলি তেওঁ কয়৷

লিবাৰেল ডেম’ক্ৰেট দলে আমেৰিকাৰ ৰাষ্ট্ৰদূতক তলব কৰাৰ আহ্বান জনাইছে। পাৰ্টিৰ নেতা এড ডেভিয়ে কয় যে ট্ৰাম্প প্ৰশাসনে ছ’চিয়েল মিডিয়াত ব্ৰিটিছ গণতন্ত্ৰক মুকলিকৈ আক্ৰমণ কৰি বিভাজনৰ সৃষ্টি কৰিছে।

ডাউনিং ষ্ট্ৰীটে কয় যে ব্ৰিটেইন-আমেৰিকাৰ সম্পৰ্ক অত্যন্ত শক্তিশালী। অৱশ্যে পুলিচিং বিষয়ক লৈ মতানৈক্যৰ মাজতো আমেৰিকাক কূটনৈতিকভাৱে নিন্দা কৰা হ’ব নেকি সেই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।

নোৱাক হত্যাকাণ্ডৰ ফলত একাংশ সোঁপন্থী ৰাজনৈতিক নেতা আৰু মন্তব্যকাৰীয়ে ব্ৰিটেইনত ‘দুটা স্তৰৰ পুলিচিং’ৰ অভিযোগ উত্থাপন কৰিছে – অৰ্থাৎ য’ত পৰিচয় বা মতাদৰ্শৰ ভিত্তিত আৰক্ষীক বেলেগ ধৰণে ব্যৱহাৰ কৰা হয়।

এই বিতৰ্কত এক্সৰ স্বত্তাধিকাৰী ইলন মাস্ক আৰু ৰিফৰ্ম ইউ কেৰ নেতা নাইজেল ফেৰাজেও মন্তব্য প্ৰকাশ কৰিছে। তেওঁলোকে এই ঘটনাক শ্বেতাংগ নাগৰিকৰ বিৰুদ্ধে বৈষম্যৰ প্ৰমাণ হিচাপে দাঙি ধৰিছে। অৱশ্যে সমালোচকসকলে এই মন্তব্য ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি কৈছে।

ব্ৰিটেইনৰ উপ-প্ৰধানমন্ত্ৰী ডেভিদ লেমীয়ে স্কাই নিউজক জনোৱা মতে, নোৱাক পৰিয়াললৈ আমেৰিকা চৰকাৰৰ সমবেদনাক তেওঁ আদৰণি জনাইছে যদিও ‘ব্ৰিটেইনত দুটা স্তৰৰ অপৰাধমূলক ন্যায় ব্যৱস্থা’ আছে বুলি ধাৰণাটো তেওঁ মানি লোৱা নাই।

ইতিমধ্যে প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে ডাউনিং ষ্ট্ৰীটত হেনৰী নোৱাকৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিছে। তেওঁ কয় যে হেম্পশ্বাৰ আৰক্ষীৰ ভূমিকাৰ পৰ্যালোচনা চলি আছে আৰু ‘ভুলসমূহ শুধৰাবলৈ সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব’।

বিশেষকৈ আঘাতপ্ৰাপ্ত অৱস্থাত নোৱাকক হেণ্ডকাফ লগোৱাৰ সিদ্ধান্তৰ তদন্তও স্বতন্ত্ৰ আৰক্ষী আচৰণ কৰ্তৃপক্ষই অব্যাহত ৰাখিছে। ঘটনাটো এতিয়া কেৱল অপৰাধমূলক গোচৰ নহয়; ই ব্ৰিটেইন-আমেৰিকাৰ কূটনৈতিক সম্পৰ্ক, প্ৰব্ৰজন নীতি আৰু আৰক্ষীৰাজৰ ওপৰত ৰাজনৈতিক বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

Related News