NORTHEAST NOW (Assamese)
অসম

SBI ত খালী হৈছে ২০০০ টা পদ, জানি লওঁক কোনে,কেতিয়া কৰিব পাৰিব আবেদন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 14, 2020 2:57 pm
SBI-4

দেশৰ সৰ্ববৃহৎ বেংকিং প্ৰতিষ্ঠান SBI ত খালী হৈছে ২০০০ টা পদ।

এই পদত মকৰলৰ বাবে আজি অৰ্থাৎ ১৪ নৱেম্বৰৰ পৰাই আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। SBI ৰ প্ৰৱেছনেৰী অফিচাৰ পদৰ বাবে প্ৰাৰ্থী সকলে ৪ ডিচেম্বৰ পৰ্যন্ত আবেদন কৰিব পাৰিব।

৩১ ডিচেম্বৰৰ পৰা চাৰি দিন ধৰি পৰীক্ষা অনুষ্ঠিত কৰা হ’ব আৰু অন্তিম পৰীক্ষা অনুষ্ঠিত হ’ব ৫ জানুৱাৰীৰ দিনা।

২০০০ টা পদৰ ভিতৰত ২০০ টা পদ সমাজৰ অৰ্থনৈতিক ভাবে পিছ পৰা প্ৰাৰ্থীসকলৰ বাবে সংৰক্ষিত থাকিব।

তিনিটা পৰ্যায়ত প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব। সেই প্ৰক্ৰিয়া কেইটা হৈছে ক্ৰমে প্ৰিলিমিনেৰী পৰীক্ষা, মেইন পৰীক্ষা আৰু সাক্ষাৎকাৰ।

এই পদসমূহত আবেদনৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা হৈছে স্নাতক। যিসকল প্ৰাৰ্থীয়ে স্নাতক পৰীক্ষাৰ চূড়ান্ত ছেমিষ্টাৰত  অৱতীৰ্ণ হৈছে তেওঁলোকেও আবেদন কৰিব পাৰিব।

প্ৰাৰ্থীৰ বয়স ২০২০ চনৰ ৪ এপ্ৰিলৰ ভিতৰত সৰ্বনিম্ন ২১ বছৰ অথবা সৰ্বাধিক ৩০ বছৰ হ’ব লাগিব।

সংৰক্ষিত শ্ৰেণীৰ বাবে বয়স বিধিগত ভাবে ৰেহাইৰ ব্যৱস্থা থাকিব।

প্ৰিলিমিনেৰী পৰীক্ষাত English Language, Numerical Ability and Reasoning Ability ৰ বিষয়ে প্ৰশ্ন থাকিব।

এক ঘণ্টাৰ অনলাইন পৰীক্ষাৰ মুঠ নম্বৰ হ’ব ১০০।

আৰম্ভনিতে প্ৰাৰ্থীয়ে বেছিক পে হিচাবে লাভ কৰিব ২৭,৬২০ টকা।