NORTHEAST NOW (Assamese)
অসম

১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্য চৰকাৰে বিলুপ্ত কৰিলে ৮০০০ খালী হৈ থকা নিয়মীয়া শিক্ষকৰ পদ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 8, 2022 8:11 am
১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্য চৰকাৰে বিলুপ্ত কৰিলে ৮০০০ খালী হৈ থকা নিয়মীয়া শিক্ষকৰ পদ!

ৰাজ্যখনত চৰকাৰী চাকৰিক লৈ শিক্ষিত নিবনুৱাসকলৰ মাজত চলি থকা হাহাকাৰ অৱস্থাৰ মাজতে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এক নিৰ্দেশনা জাৰি কৰা হৈছে।সোমবাৰে ৰাজ্য চৰকাৰৰ শিক্ষা সচিবৰ পৰা প্ৰকাশ পোৱা জাননীখনত ৰাজ্যৰ  ৮০০০ চাকৰি বিলুপ্ত কৰাৰ কথা কোৱা হৈছে। এইসমূহ হৈছে স্কুলীয়া শিক্ষা বিভাগৰ অনুমোদিত খালী হৈ থকা নিয়মীয়া শিক্ষকৰ পদ।

বিলুপ্ত হ’ব লগীয়া পদ সমূহৰ ভিতৰত ৪২৮৫ টা নিম্ন প্ৰাথমিক আৰু ৩৭১৫ টা উচ্চ প্ৰাথমিকৰ শিক্ষকৰ পদ আছে।

 

মহাগাণনিকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এই নিৰ্দেশনাত কোৱা হৈছে যে ২০২০ চনৰ মে’ত ৰাজ্য চৰকাৰৰ কেবিনেটৰ এক সিদ্ধান্ত অনুসৰি সৰ্বশিক্ষাৰ অধীনত ষ্টেট পোলত একাংশ শিক্ষকক নিযুক্তি দিছিল দৰমহা দিয়া হৈছিল। ৰাজ্য চৰকাৰৰ এই ৮ হাজাৰ পদত তেওঁলোকক দৰমহা, সা-সুবিধা দি ৰখা হৈছিল।

ৰাজ্য চৰকাৰে ১ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দি অহাৰ সময়তে  ৮০০০ চাকৰিৰ পদ বিলুপ্ত কৰাৰ ঘটনাই স্বাভাৱিকতে ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলক আশাহত কৰিব।