NORTHEAST NOW (Assamese)

অসম ৰাজ্যিক পৰিবহণ নিগমৰ ২,২৭৪ জন কৰ্মচাৰীক চাটাইৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ

July 16, 2022 10:18 am · কল্পজোতি শইকীয়া, গুৱাহাটী
Updated: July 16, 2022 1:48 pm
পৰিদৰ্শন কালত বৰ্তমানৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য। ফাইল ফটো।

অসম ৰাজ্যিক পৰিবহণ নিগমৰ ২,২৭৪ জন অবৈধভাৱে নিযুক্তি পোৱা কৰ্মচাৰীক চাটাইৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে।

৬০ দিনৰ ভিতৰত আটাইকেইজন কৰ্মচাৰীক চাটাইৰ নিৰ্দেশ চৰকাৰৰ।

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কাৰ্য্যকালতে নিযুক্তি কেলেংকাৰী হোৱাৰ অভিযোগ।

 

নীতি বহিৰ্ভূত নিযুক্তি সন্দৰ্ভত পৰিবহন নিগমৰ পৰিচালন সঞ্চালকলৈয়ো কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্য চৰকাৰৰ।

২৭ জুনত পৰিচালন সঞ্চালক ৰাহুল দাসৰ সৈতে পৰ্য্যবেক্ষণ বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

ইয়াৰ পাছতে দোষী কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

যোৱা তিনিবছৰে চৰকাৰৰ পৰা দৰমহা লৈ আহিছিল এই অবৈধভাৱে নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলে।

Related News