NORTHEAST NOW (Assamese)
অসম

বিশেষভাৱে সক্ষমৰ বাবে চাকৰিৰ অৰ্হতাত ৰেহাই দিব অসম চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 8, 2019 7:47 am
Sonowal-1140x570

অসম চৰকাৰে বিশেষভাৱে সক্ষমসকলৰ বাবে ৰাজ্য চৰকাৰৰ চতুৰ্থ শ্ৰেণীৰ চাকৰিত মকৰলৰ বাবে অৰ্হতাৰ ক্ষেত্ৰত ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে।

মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতি অনুসৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে ৰাজ্যখনৰ বিশেষভাৱে সক্ষমসকলৰ সংস্থাৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয়।

বৈঠকৰ সময়ত, সোণোৱালে চতুৰ্থ শ্ৰেণীৰ চাকৰিৰত বিশেষভাৱে সক্ষম লোকসকলৰ ক্ষেত্ৰত বাধ্যতামূলক কাম কৰাৰ অভিজ্ঞতা, আৱশ্যকীয় কম্পিউটাৰ আৰু ক্ৰীড়াৰ অভিজ্ঞতাৰ দৰে অৰ্হতাৰ লগতে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

মুখ্য মন্ত্ৰীয়ে সমাজ কল্যাণ বিভাগক ৰাজ্য চৰকাৰৰ চতুৰ্থ শ্ৰেণীৰ চাকৰিত মকৰলৰ পথত তেওঁলোকৰ বাবে বাধা হৈ পৰা এই তিনিটা মাপকাঠী অঁতৰাই দিবলৈ নিৰ্দেশ দিয়ে।

চৰকাৰে লগতে সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটীত এটা দিব্যাংগসকলৰ বাবে এটা অতিথিশালা নিৰ্মাণ কৰিব যাতে তেওঁলোকে গুৱাহাটীলৈ আহিলে এটা ভাল থকাৰ ব্যৱস্থা লাভ কৰে।

সোণোৱালে লগতে পঞ্চায়ত আৰু গ্ৰমোন্নয়ন বিভাগক প্ৰধান মন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অধীনত বিশেষভাৱে সক্ষম লোকসকলক গৃহ আৱন্টনৰ ক্ষেত্ৰত বিশেষভাৱে সক্ষম লোকসকলক অগ্ৰাধিকাৰ ভিত্তিত হিতাধিকাৰীৰ তালিকাত অন্তৰ্বুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে সমাজ কল্যাণ বিভাগক তেজপুৰত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম মুকবধিৰ ক্ৰীড়া মেলাৰ বাবে পুঁজি আগবঢ়াবলৈকো নিৰ্দেশ দিছে।

তেওঁ লগতে বিভাগটোক ৰাজ্যখনত ভাৰতীয় সাংকেতিক ভাষাৰ বিকাশৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে।