NORTHEAST NOW (Assamese)
অসম

শ্ৰমিক-কৰ্মচাৰীৰ পক্ষত কেন্দ্ৰঃ কামৰ সময় ৮ ঘন্টাতকৈ বেছি কৰিব নোৱাৰিব ৰাজ্য চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 21, 2020 2:50 pm
image.jpgmmmm

অৱশেষত শ্ৰমিক-কৰ্মচাৰীৰ  পক্ষত থিয় দিলে কেন্দ্ৰীয় চৰকাৰে।

অসমকে ধৰি দেশৰ ৯ খন ৰাজ্যই শ্ৰমিক-কৰ্মচাৰীৰৰ কামৰ সময় ৮ ঘন্টাৰ পৰা ১২ ঘন্টালৈ বৃদ্ধি কৰাৰ যি প্ৰস্তাৱ লৈছিল সেই প্ৰস্তাৱে সমগ্ৰ দেশ জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

এনে প্ৰতিক্ৰিয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহলৈ এই বুলি নিৰ্দেশনা জাৰি কৰিছে যে কোনো ৰাজ্যই শ্ৰম বিধি উলংঘা কৰি শ্ৰমিকৰ কামৰ সময় ৮ ঘন্টাত কৈ বৃদ্ধি কৰিব নোৱাৰিব।

বিজেডিৰ সাংসদ ভাৰট্ৰুহাৰি মেহতাবক মুৰব্বী হিচাবে লৈ গঠন কৰি দিয়া সংসদীয় সমিতিৰ সন্মুখত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে এই

কথা প্ৰকাশ কৰিছে।

সংসদীয় সমিতিয়ে শ্ৰমিক-কৰ্মচাৰীৰ কামৰ সময় বৃদ্ধিৰ বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক চোকা সমালোচনা কৰিছিল।

৯ খনকৈ ৰাজ্যই শ্ৰমিক-কৰ্মচাৰীৰ কামৰ সময় বৃদ্ধি কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰি শ্ৰম বিধি উলংঘা কৰা বুলিও সংসদীয় সমিতিয়ে অভিযোগ কৰে।

সংসদীয় সমিতিৰ আপত্তিৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম আৰু নিয়োগ দপ্তৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ শ্ৰমিক-কৰ্মচাৰীৰ কামৰ সময় ৮ ঘন্টাতকৈ বৃদ্ধি কৰিব পৰা নাযাব বুলি পত্ৰ প্ৰেৰণ কৰে।

সংসদীয় সমিতিয়ে লগতে শ্ৰমিক-কৰ্মচাৰীক ইপিএফ আৰু ই এছ আইৰ সুবিধা প্ৰদানৰো পৰামৰ্শ দিয়ে।