NORTHEAST NOW (Assamese)
অসম

জি আই এম টি তেজপুৰৰ উদ্যোগত অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান

Posted by: এন ই নাও নিউজ March 1, 2019 6:56 am
prize distribution

তেজপুৰ স্থিত শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট্ অব মেনেজমেণ্ট এণ্ড টেকন’লজিৰ উদ্যোগত অনুষ্ঠিত ৰাজ্যিক ভিত্তিক ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ বৃহস্পতিবাৰে প্ৰদান কৰা হয়।

প্ৰতিষ্ঠানখনৰ চায়েঞ্চ এণ্ড টেকন’লজি ক্লাবৰ উদ্যোগত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ মূল বিষয় আছিল “ৰাষ্ট্রীয় প্ৰগতিৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ  ভূমিকা”।

৩০জনৰো অধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰে শ্ৰীমন্ত শংকৰ একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰি স্কুল, দিচপুৰৰ নৱম শ্ৰেণীৰ ছাত্ৰী ৰিচিকা শইকীয়াই। দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ক্ৰমে চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ লখিমপুৰৰৰ দশম শ্ৰেণীৰ ছাত্র বিচিত্ৰ বিক্ৰম হাজৰিকা আৰু ডাইমেনশ্যন একাডেমি জুনিয়ৰ কলেজ, তেজপুৰৰ একাদশ শ্রেণীৰ ছাত্ৰ আব্দুল ফজিল।

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক অনুষ্ঠানত স্থান লাভ কৰা প্ৰতিযোগী সকলক নগদ ধনৰ লগতে প্ৰমাণ পত্ৰ সমূহ প্ৰদান কৰা হয়। পুৰস্কাৰ সমূহ প্ৰদান কৰে প্ৰতিষ্ঠান খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ বুলজিৎ বুঢ়াগোহাঁই আৰু ডীন (প্ৰশাসনিক) কেপ্টেইন মুকুল চন্দ্ৰ দাসে ।

আনহাতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতি গৰাকী প্ৰতিযোগীকে অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ সমূহ নিজ নিজ বিদ্যালয়-মহাবিদ্যালয়লৈ ডাক যোগে প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিছে জি আই এম টি, তেজপুৰৰ ছায়েন্স এণ্ড টেকন’লজি ক্লাবৰ সমন্বয়ক ড০ স্তুতি চক্ৰৱৰ্তীয়ে।