NORTHEAST NOW (Assamese)
অসম

বৰভাগৰ মৰোৱাত ‘কুইন ওজা’ৰ হৈ প্ৰচাৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ

Posted by: এন ই নাও নিউজ April 19, 2019 8:53 am
BJP meeting at Barbhag

ৰাজ্যত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া নিৰ্বাচনৰ বাবে এতিয়া তীব্ৰতৰ হৈ পৰিছে প্ৰচাৰ অভিযান। নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকী প্ৰাৰ্থীয়ে গাঁৱে-ভূঞে প্ৰচাৰ চলাই ভোটাৰ ৰাইজক আকৃষ্ট কৰা পৰিলক্ষিত হৈছে।

ইয়াৰ ব্যতিক্ৰম নহয় ৰাজ্যৰ অন্যতম সন্মানীয় তথা গুৰুত্বপূৰ্ণ সমষ্টি ৭ নং গুৱাহাটী লোকসভা সমষ্টি। বৃহস্পতিবাৰে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ হৈ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভাগৰ মৰোৱাত বিজেপিয়ে এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰে।

সভাখনত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে নিজৰ ভাষণত কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে। অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ’ব লগীয়া ভোটগ্ৰহণত সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত বিজেপি প্ৰাৰ্থী কুইন ওজাক ভোট দিবলৈ সকলোকে আহ্বান জনায় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে।

meeting
বৃহস্পতিবাৰে বৰভাগৰ মৰোৱাত বিজেপিয়ে আয়োজন কৰা প্ৰচাৰ সভাৰ দৃশ্য

ইফালে স্থানীয় বিধায়ক নাৰায়ণ ডেকাই কংগ্ৰেছ দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বাবে পৰিচিত, কংগ্ৰেছক আৰু অসমৰ ৰাইজে কেতিয়াও আকোৱালি নলয় বুলি মন্তব্য কৰে।

উল্লেখ্য যে কালিৰ সভাতে ৰঞ্জিত দাসৰ উপস্থিতিত অঞ্চলটোৰ প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে।

ইয়াৰ উপৰি সভাখনত বিজেপিৰ অন্যান্য নেতা-কৰ্মীৰ লগতে অগপৰ শীৰ্ষ পৰ্যায়ৰ নেতা-কৰ্মী উপস্থিত থাকে।