NORTHEAST NOW (Assamese)
অসম

নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প সন্দৰ্ভত বিৰোধী ঐক্যমঞ্চৰ বিবৃতি 

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 1, 2023 3:44 pm

অসমৰ ১৫ টা বিৰোধী ৰাজনৈতিক দলৰ ঐক্যমঞ্চই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বাৰম্বাৰ সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত আৰু শেহতীয়াকৈ সোৱণশিৰি নদীৰ পানী শুকাই যোৱা ঘটনাটোৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। 

১৫ টা বিৰোধী ৰাজনৈতিক দল এই সন্দৰ্ভত গভীৰভাৱে চিন্তিত বুলি বিৰোধী দলসমূহৰ ঐক্যমঞ্চই এক সংবাদ মেলৰ জৰিয়তে আজি ঘোষণা কৰিছে। 

সংবাদ মেলত বিৰোধী ৰাজনৈতিক দলসমূহৰ ঐক্যমঞ্চই কয় যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নামনি অংশৰ জনগণ, মূলতঃ ধেমাজি-লখিমপুৰ জিলাত সোৱণশিৰিৰ পাৰৰ ৰাইজৰ বৰ্তমানৰ যি দুচিন্তা বা আশংকা, সেই আশংকাক লৈ বিৰোধী ৰাজনৈতিক দলসমূহ গভীৰভাৱে উৎকণ্ঠিত। 

নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প সন্দৰ্ভত গঠিত তিনিওখন বিশেষজ্ঞ সমিতিয়ে এই বৃহৎ বান্ধটো সম্পৰ্কত আশংকা প্ৰকাশ কৰি গৈছে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰাপদ নহয় বুলি অসমৰ বিশেষজ্ঞ সমিতিয়ে বাৰম্বাৰ দোহাৰি  আহিছে। তাৰ মূল কাৰণ দুটা বুলি কোৱা হৈছিল। প্ৰথমটো হ’ল, নামনি সোৱণশিৰি জলবিদ্যুৎ  প্রকল্পৰ মূল বান্ধটো য’ত নিৰ্মাণ কৰা হৈছিল সেই মূল বান্ধটোৰ এলেকাটোৰ শিল/ছেডিমেণ্টৰি ৰক বা গেদীয় শিল। যিটো শিলাখণ্ডৰ ওপৰত মূল বান্ধটো নিৰ্মাণ কৰা হৈছে সেই শিলাখণ্ডটো এটা  মৃত শিলাখণ্ড৷ সেইবাবে সেই বান্ধটো নিৰাপদ নহয় বুলি বিশেষজ্ঞসকলে জানিবলৈ দিছে। 

যিহেতু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা এলেকাটো ভূমিকম্প প্রৱণ এলেকাৰ ৫ নং জ’নৰ অন্তৰ্গত অৰ্থাৎ পৃথিৱীৰ সৰ্বোচ্চ ভূমিকম্প প্ৰৱণ এলেকাত অৱস্থিত, গতিকে এনেকুৱা ভৌগোলিক পৰিৱেশত এনেকুৱা এটা বৃহৎ নদীবান্ধ নিৰ্মাণ কৰাটোৰ পক্ষত ৰায় দিয়া নাই বিশেষজ্ঞ  সমিতিয়ে। দ্বিতীয়তে, বিশেষজ্ঞ সমিতিয়ে কৈছিল যে যদি নদীবান্ধটো ভাগি নপৰেও, তথাপি মূল বান্ধটোত লাগি থকা দুয়োটা পাহাৰ যিকোনো সময়তে খহি পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। নিৰ্মীয়মাণ অৱস্থাতে অসমবাসীয়ে এইটো বাৰম্বাৰ প্ৰত্যক্ষ কৰিছো। এইবাৰো নামনি সোৱণশিৰি নদীৰ পানী শুকাই যোৱাৰ মূল কথাটো হ’ল, পাহাৰৰ মাটি আৰু শিল খহি আহি ডাইভাৰ্ছন টানেলকেইটা পুতি  পেলাইছে। যাৰ মাজেদি পানী পাৰ হৈ যায়, সেই ডাইভাৰ্ছন টানেলকেইটা পাহাৰৰ মাটি খহি পুতি পেলোৱাৰ কাৰণে নদীখনৰ নিম্ন অংশলৈ পানী নামি আহিব পৰা নাই। যাৰ ফলস্বৰূপে বান্ধটোৰ তলৰ সোৱণশিৰি নদীখন সম্পূৰ্ণৰূপে শুকাই গৈছে৷ 

গতিকে বিশেষজ্ঞসকলৰ আটাইকেইটা আশংকাই যুক্তিসংগত বুলি অসমৰ মানুহ পতিয়ন গৈছে। ৰাজ্যৰ ১৫ টা বিৰোধী দলৰ ঐক্যমঞ্চও বাৰম্বাৰ পাহাৰ খহি ডাইভাৰ্ছন টানেল বন্ধ কৰাৰ ঘটনা আৰু আই সোৱণশিৰি শুকাই যোৱাৰ দৰে অভূতপূৰ্ব, অস্বাভাৱিক ঘটনাত গভীৰভাৱে শংকিত আৰু উদ্বিগ্ন৷ নদীবান্ধ নিৰ্মাণ কৰাৰ পূৰ্বেই এনেকৈ সোৱণশিৰি নদীৰ নিচিনা এখন বৃহৎ নদী শুকাই যোৱাৰ ঘটনাই আমাৰ বিৰোধী পক্ষক চিন্তিত কৰি তুলিছে। 

ইতিমধ্যে সৰু সৰু বান্ধ নিৰ্মাণ কৰাৰ ফলতেই ৰঙানদী আৰু ডিত্ৰুং নদীক মাৰি পেলোৱা হ’ল। এতিয়া উত্তৰ অসমৰ আটাইতকৈ ডাঙৰ নদী সোৱণশিৰি নদী মৃত্যুমুখত পৰিলে সোৱণশিৰি উপত্যকা সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ’ব। সোৱণশিৰি নদীত লাখ লাখ মানুহে বালি আৰু শিলৰ লগতে কাঠ সংগ্ৰহ কৰি পৰিয়াল পোহপাল দি আহিছে। জীৱিকাৰ এই প্ৰধান উৎসসমূহ নদীবান্ধে নাইকিয়া কৰি তুলিব বুলি প্ৰতীয়মান গৈছে ৰাইজ। আনহাতে বান্ধটো নিৰ্মাণৰ ফলত জৈৱ-বৈচিত্ৰতো সাংঘাতিক ধৰণৰ বিৰূপ প্রভাৱ পৰিব। ইতিমধ্যে সোৱণশিৰিৰ মাছবোৰ মৰিবলৈ আৰম্ভ কৰিছে৷ ৰঙানদীত যেনেকৈ মাছ নাইকিয়া হৈ গৈছে, তেনেকৈ সোনকালেই সোৱণশিৰি নদীতো বিলুপ্তপ্ৰায় শিহু আৰু কেইবাশ প্ৰজাতিৰ মাছ নাইকিয়া হৈ পৰিব বুলি বিৰোধী ঐক্যমঞ্চ অতিশয় চিন্তিত। 

এনেস্থলত অসমৰ ৰাজ্য চৰকাৰখনে বিষয়টোত হস্তক্ষেপ কৰা উচিত বুলি আজি ১৫ দলীয় বিৰোধী ঐক্যমঞ্চই মত প্ৰকাশ কৰিছে৷ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিষয়টো পুনৰীক্ষণ কৰা উচিত বুলি বিৰোধী ঐক্যমঞ্চই মত প্ৰকাশ কৰিছে। একেদৰে অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰিব খোজা ১৬৪ টা সৰু-বৰ নদীবান্ধৰ সামূহিক প্ৰভাৱ মূল্যায়ন [Cumulative Impact Assessment] অধ্যয়ন নকৰাকৈ  কোনো নতুন বান্ধৰ নিৰ্মাণ আৰম্ভ কৰাত অসম চৰকাৰে বাধা প্ৰদান কৰি অসমবাসীৰ নিৰাপত্তাৰ বিষয়টো গুৰুত্ব দি লোৱা উচিত বুলি মত প্রকাশ কৰে। 

১৫ টা দলৰ বিৰোধী ঐক্যমঞ্চই ঘোষণা কৰে যে যদিহে ২০২৪ চনত কেন্দ্ৰত আৰু পৰৱৰ্তী সময়ত অসমত বিৰোধী দলসমূহ ক্ষমতালৈ আহে, তেতিয়া এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিষয়টো পুনৰীক্ষণ কৰা হ’ব। 

তদুপৰি, সমূহীয়া প্রভাৱ মূল্যায়ন অধ্যয়ন নোহোৱাকৈ অৰুণাচলত কোনো নতুন বৃহৎ নদীবান্ধৰ নিৰ্মাণৰ কাম যাতে আৰম্ভ কৰা নহয় তাকো নিশ্চিত কৰিবলৈ সকলো প্ৰচেষ্টা হাতত লোৱা হ’ব।