NORTHEAST NOW (Assamese)
Popular Stories

‘যৌন নিৰ্যাতনৰ অভিযোগকাৰী মহিলাৰ বক্তব্য বেদবাক্য নহয়’-কেৰালা উচ্চ ন্যায়ালয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 1, 2025 2:40 pm

কেৱল এগৰাকী মহিলাই যৌন নিৰ্যাতনৰ অভিযোগ কৰে বুলিয়েই সেইটো বেদবাক্য বুলি নাভাবিব। কেৰালা উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত আৰক্ষীক সকীয়াই দিছে। আদালতে অভিযুক্তৰ বক্তব্যকো উপযুক্ত গুৰুত্ব দিবলৈ কয়। বিশেষকৈ অভিযোগকাৰী মহিলা হলে কেৱল অভিযোগকাৰীৰ বক্তব্যৰ ভিত্তিত যৌন নিৰ্যাতনৰ গোচৰৰ একপক্ষীয় তদন্ত নকৰিবলৈ কেৰালা উচ্চ ন্যায়ালয়ে আৰক্ষীক সকীয়াই দিছে।

ঘটনা অনুসৰি, এটা কোম্পানীৰ এজন কৰ্মচাৰীয়ে এগৰাকী মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন চলোৱা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে কোম্পানীটোৰ এজন ৫৭ বছৰীয়া কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। আইনী বাতৰিৰ বিশ্বাসযোগ্য ৱেবছাইট ‘বাৰ এণ্ড বেঞ্চত প্ৰকাশিত তথ্য অনুসৰি অভিযুক্তই তেওঁৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰা হৈছে বুলি দাবী কৰিছে। তেওঁ জামিনৰ আবেদন লৈ কেৰালা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। এই গোচৰটো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পি ভি কুঁহিকৃষ্ণনৰ বিচাৰপীঠৰ সন্মুখত উত্থাপন হয়। শুনানিৰ সময়ত ন্যায়াধীশৰ পৰ্যবেক্ষণ আছিল যে কেৱল মহিলাগৰাকীৰ বক্তব্যক সত্য বুলি গণ্য কৰিব নোৱাৰি। তদন্তকাৰীয়ে অভিযোগকাৰী আৰু অভিযুক্ত উভয়ৰে দাবী পৰীক্ষা কৰিব লাগিব। যদি একপক্ষীয় বক্তব্যৰ ভিত্তিত তদন্ত কৰা হয় তেন্তে ইয়াৰ ভুল প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত অভিযুক্তৰ সন্মান আৰু মৰ্যাদাৰ অপূৰণীয় ক্ষতিও হোৱা বুলি আদালতে কয়।

ন্যায়াধীশগৰাকীয়ে লগতে কয় যে, যদিহে তদন্তত মহিলাগৰাকীয়ে ভুৱা অভিযোগ উত্থাপন কৰিছে তেন্তে অভিযোগকাৰীৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ অধিকাৰ তদন্তকাৰীৰ আছে। আদালতৰ মতে, মিছা অভিযোগৰ বাবে যদি কাৰোবাৰ সুনাম ক্ষতিগ্ৰস্ত হয়, তেন্তে কেৱল ধনেৰে ক্ষতিপূৰণ দিব নোৱাৰি। গতিকে তদন্তকাৰী বিষয়াসকলে দুয়োপক্ষৰ বক্তব্য সমান গুৰুত্বসহকাৰে বিবেচনা কৰাটো প্ৰয়োজন।

এই গোচৰত অভিযুক্তই দাবী কৰে যে মহিলাগৰাকীয়ে কাৰ্যালয়ত সঠিকভাৱে কৰ্তব্য পালন কৰিব নোৱাৰাৰ বাবেই তেওঁ মহিলাগৰাকীক কৰ্মৰ পৰা আঁতৰাই দিছিল। অভিযুক্তই দাবী কৰিছে যে তেওঁৰ বিৰুদ্ধে প্ৰতিশোধ লবলৈ এই ‘ভুৱা গোচৰ দাখিল কৰা হৈছে। লগতে অভিযুক্তই আদালতত অডিঅ ৰেকৰ্ডিং দাখিল কৰে। অভিযুক্তই দাবী কৰিছে যে মহিলাগৰাকীয়ে তাত তেওঁক ভাবুকি দিছিল। ইয়াৰ সন্দৰ্ভত পূৰ্বে থানাত এজাহাৰ দাখিল কৰা হৈছিল। আৰক্ষীৰ অভিযোগৰ প্ৰতিলিপিও আদালতত দাখিল কৰে অভিযুক্তই। বাদী অধিবক্তাই দাবী কৰে যে যৌন নিৰ্যাতনৰ গোচৰ ৰুজু কৰাৰ পূৰ্বে আৰক্ষীয়ে পুৰণি অভিযোগৰ তদন্ত কৰা নাছিল। দুয়োপক্ষৰ যুক্তি শুনাৰ পাছত আদালতে অভিযুক্তক জামিন মঞ্জুৰ কৰে।