NORTHEAST NOW (Assamese)
অসম

ধিঙত হিমাৰ প্ৰতিমূৰ্তি স্থাপন কৰিব মন্ত্ৰী কেশৱ মহন্তই; সচেতন মহলত বিৰূপ প্ৰতিক্ৰিয়া

Posted by: মিণ্টু দাস August 28, 2018 6:17 pm
Keshab Mahanta

ইণ্ডোনেচিয়াৰ জাকাৰ্টাত চলি থকা এচিয়ান গেইমছত ৰাষ্ট্ৰীয় অভিলেখ স্থাপনেৰে ৰূপৰ পদক দখল কৰি সুনাম অৰ্জন কৰা হিমা দাসৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে ৰাজ্যৰ জলসম্পদ আৰু বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ মন্ত্ৰী কেশৱ মহন্ত।

আজি নগাঁও জিলাৰ ধিঙৰ কান্ধুলিমাৰীত থকা হিমাৰ বাসগৃহত উপস্থিত হৈ মন্ত্ৰী কেশৱ মহন্তই ব্যক্তিগতভাৱে হিমাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰিব বুলি ঘোষণা কৰে।

ধিঙৰ বিভিন্ন দল-সংগঠনৰ অনুৰোধত মন্ত্ৰীগৰাকীয়ে কৰা এই ঘোষণাত ধিংবাসী উৎফুল্লিত হৈ পৰিছে যদিও হিমাৰ একাংশ গুণমুগ্ধই কেশৱ মহন্তই কৰা ঘোষণাক সহজভাবে ল’ব পৰা নাই। ইতিমধ্যে চ’চিয়েল মিডিয়াতো এই বিষয়ত সৰৱ চৰ্চা আৰম্ভ হৈছে।

একাংশই মত প্ৰকাশ কৰা অনুসৰি কেশৱ মহন্তৰ এনে পদক্ষেপে উদীয়মান ক্ৰীড়া তাৰকাগৰাকীৰ জীৱনত বিৰূপ প্ৰভাৱহে পেলোৱাৰ সম্ভাৱনাহে প্ৰৱল। ইয়াৰ উপৰি তেওঁলোকে জন্ম শতবৰ্ষ উদযাপিত হৈ থকা প্ৰয়াত ড০ টি আওৰ আৱক্ষ মূৰ্তি থকাৰ বিপৰীতে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতিমূৰ্তি নথকাৰ কথা উল্লেখ কৰে।

আনহাতে, অৰ্জুন ভোগেশ্বৰ বৰুৱাই হিমাৰ সন্দৰ্ভত সভা-সম্বৰ্ধনা আদি প্ৰদান কৰি হিমাক ধ্বংস নকৰিবলৈ সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্যৰ সম্পূৰ্ণ বিপৰীত দৃষ্টিভংগী প্ৰকাশ কৰি মন্ত্ৰী কেশৱ মহন্তই ৰাজনৈতিক লাভালাভৰ বাবেই এনে কাম কৰিছে বুলিও হিমাৰ একাংশ গুণমুগ্ধৰ লগতে সচেতন মহলে মত প্ৰকাশ কৰিছে।