NORTHEAST NOW (Assamese)
Popular Stories

ষ্টেটু অৱ ইউনিটিৰ কেলেংকাৰি : ৫.২৪ কোটি জমা নিদিয়া বিষয়া-কর্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 2, 2020 9:29 pm
statue-of-unity-1575646730

গুজৰাটৰ চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি ষ্টেটু অৱ ইউনিটিৰ দৰ্শনাৰ্থীৰ প্ৰৱেশ মূল্য জমা নিদিয়াৰ বিয়াগোম কেলেংকাৰিত জড়িত কেবাজনো বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

২০১৮ চনৰ নৱেম্বৰ মাহৰ পৰা ২০২০ চনৰ মাৰ্চ মাহলৈকে ষ্টেটু অৱ ইউনিটিৰ দৰ্শনাৰ্থীৰ প্ৰৱেশ মূল্যৰ দ্বাৰা সংগৃহীত ৫.২৪ কোটি টকা বেংকত জমা নকৰি আত্মসাৎ কৰাৰ অভিযোগ উঠিছে।

উল্লেখ্য যে ষ্টেটু অৱ ইউনিটিৰ দুটা বেংক একাউন্টত আছে আৰু এটা এজেঞ্চিয়ে দৈনিক সংগৃতীত ধনৰাশি পিছ দিনাই একাউন্টত জমা কৰাৰ নিয়ম।

“এঞ্চেচিটোৰ কিছু কৰ্মচাৰী-বিষয়াই যোৱা ২০১৮ৰ নৱেম্বৰৰ পৰা ২০২০ৰ মাৰ্চলৈ সংগৃহীত ৫,২৪,৭৭,৩৭৫ টকাৰ বেংকত জমা কৰা নাছিল।” উপ আৰক্ষী আয়ুক্ত বাণী দুভাটে কয়।

যোৱা সোমবাৰে ৰাতি কেলেংকাৰিত জড়িত থকা এঞ্চেচিটোৰ কেবাজনো বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে বেংক প্ৰৱন্ধকৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে বুলিও শীৰ্ষ আৰক্ষীয়ে গৰাকীয়ে কয়।

ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০, ৪০৬ আৰু ১২০-বিৰ অধীনত অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।