NORTHEAST NOW (Assamese)
অসম

অৱসৰৰ পূৰ্বে ভাৰতক ভাৰতৰ মাটিত পৰাস্ত কৰাৰ সপোন দেখিছে ষ্টিভ স্মিথে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 6, 2020 2:37 pm
অৱসৰৰ পূৰ্বে ভাৰতক ভাৰতৰ মাটিত পৰাস্ত কৰাৰ সপোন দেখিছে ষ্টিভ স্মিথে

এই সময়ত বিশ্বৰ এক নম্বৰ বেটছমেন হৈছে অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ। তেওঁ যোৱা এটা বৰ্ষত সাংঘাটিক প্ৰদৰ্শনেৰে বিৰাট কোহলীৰ নামত থকা এক নম্বৰৰ মুকুট নিজৰ নামত কৰিব সক্ষম হৈছে।

কিন্তু এতিয়া স্মিথে ভাৰতক ভাৰতৰ মাটিত পৰাস্ত কৰাৰ পৰিকল্পনা ৰচি আছে। তদুপৰি ইংলেণ্ডক পৰাস্ত কৰি এছেজ জয়ৰো সপোন দেখিছে স্মিথে।

স্মিথে কয় যে তেওঁ অৱসৰ লোৱাৰ পূৰ্বে ইংলেণ্ডৰ বিৰুদ্ধে এছেজ আৰু ভাৰতক ভাৰতত পৰাস্ত কৰাৰ দৰে সফলতা অৰ্জন কৰিব খোজে।

উল্লেখ্য যে চলিত বৰ্ষৰ শেষৰফালে ভাৰতে অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলাত অংশ ল’ব। ইয়াৰ পিছত ২০২২ চনত অষ্ট্ৰেলিয়া ভাৰত ভ্ৰমণলৈ আহিব।

স্মিথে কয়, ‍‘এই দুয়োখন ডাঙৰ পাহাৰ, যি দুখন বগাব লাগিব আৰু যদি এইটো সফল হয় তেন্তে মোৰ বাবে ই অত্যন্ত বিশেষ হব’।

স্মিথে লগতে কয়, ‍‘আশা কৰিছো মই এই সফলতা লাভ কৰিব পাৰিম। মোৰ বয়সো বাঢ়ি আছে। নাজানো আৰু কিমান বছৰ ক্ৰিকেট খেলিব পাৰিম। ভৱিষ্যত সম্পৰ্কে একো ক’ব নোৱাৰো’।