NORTHEAST NOW (Assamese)
অসম

অসমত শিপাইছে জেহাদী! ধুবুৰীত আকৌ গ্ৰেপ্তাৰ এজনক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 21, 2025 5:11 pm
অসমত শিপাইছে জেহাদী! ধুবুৰীত আকৌ গ্ৰেপ্তাৰ এজনক

চলি আছে অসম অসম আৰক্ষীৰ ‘অপাৰেশ্যন প্ৰঘাত” । জেহাদীক ধৰিবলৈ ফান্দ পাতিছে অসম আৰক্ষীয়ে।

শেহতীয়াকৈ ধুবুৰীৰ পৰা স্পেচিয়েল টাস্ক ফৰ্চে গ্ৰেপ্তাৰ কৰিছে এজন সন্দেহযুক্ত জেহাদীক।

আৰক্ষীৰ এক বিবৃতিত অনুসৰি মঙলবাৰে এক সূত্ৰৰ ভিত্তিত জেহাদীটোক গ্ৰেপ্তাৰ কৰা হৈছে।

ধৃত জেহাদীৰ নাম আজিবৰ ৰহমান (৩১) বুলি জানিব পৰা গৈছে।

অভিযুক্ত আজিবৰ ৰহমান ধুবুৰীৰ বিলাসীপাৰাৰ চিনামাৰী গাঁৱৰ বাসিন্দা।

এটা উগ্ৰপন্থী গোটৰ কাৰ্যকলাপৰ বিস্তৃত তদন্তৰ অন্তত ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে আজিবৰ ৰহমানে আনছাৰুল্লাহ বাংলা দলৰ মুৰব্বী জাচিমুদ্দিন ৰহমানীৰ ঘনিষ্ঠ এজন এম ডি ফাৰহান ইছৰাকৰ নিৰ্দেশনাত কাম কৰিছিল।

ইতিমধ্যে এই গোটটোৰ লগত জড়িত ১৩ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে।