NORTHEAST NOW (Assamese)

হিমন্ত বিশ্বৰ সমষ্টিৰ শুৱালকুছিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভানুলৈ শিল নিক্ষেপ

April 21, 2019 9:20 am · এন ই নাও নিউজ
Updated: April 21, 2019 9:35 am

লোকসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ হৈ পৰাৰ সময়তে শনিবাৰে সন্ধিয়া শুৱালকুছিৰ এখন নিৰ্বাচনী সভাত প্ৰাক্তন আমোলা তথা কংগ্ৰেছ নেতা এম জি ভি কে ভানুৰ গালৈ অচিনাক্ত দুৰ্বৃত্তি শিলগুটি নিক্ষেপ কৰে।

জানিব পৰা মতে, নিৰ্বাচনী জনসভাত ভাষণ দি থকা সময়তে ভানুৰ গালৈ দুৰ্বৃত্তই শিল নিক্ষেপ কৰে। অৱশ্যে কথমপি আঘাত পোৱাৰ পৰা ৰক্ষা পৰে কংগ্ৰেছ নেতাগৰাকী।

শনিবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ হৈ প্ৰচাৰৰ বাবে কংগ্ৰেছ নেতা ভানু শুৱালকুছিত উপস্থিত হৈছিল।

উল্লেখযোগ্য যে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত জালুকবাৰী বিধানসভা সমষ্টিৰ দায়িত্বত কংগ্ৰেছে ভানুক নিযুক্তি দিছে। বৰ্তমান ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভা সমষ্টি হৈছে জালুকবাৰী।

আনহাতে, সেইখন সভাতে দুৰ্বৃত্তই আন এগৰাকী কংগ্ৰেছ নেতা তথা নগাওঁ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ গালৈও শিলগুটি নিক্ষেপ কৰে। সভাখনত উপস্থিত একাংশ লোকে আনকি নৰেন্দ্ৰ মোদীৰ সমৰ্থনত শ্ল’গানো দিয়ে।

স্বাভাৱিকতে শনিবাৰৰ এই ঘটনাটোৱে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Related News