NORTHEAST NOW (Assamese)
অসম

লকডাউনৰ ফলত ডিমা হাচাওত আৱদ্ধ হৈ থকা শ্রমিকসকলক প্ৰেৰণ কৰা হ’ব নিজ নিজ স্থানলৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 19, 2020 9:35 am
lockdown-image-1-700x375

লকডাউনৰ ফলত ৰাজ্যখনৰ বিভিন্ন স্থানত বহু শ্ৰমিক আৱদ্ধ হৈ পৰা ঘটনা পোহৰলৈ আহিছে। দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থকা এই লোকসকলে থকা খোৱাৰ ক্ষেত্ৰত সমস্যাৰ বহুতো সমস্যাৰ সন্মুখীন হৈছে।

গুৱাহাটীত ৰাজ্যখনৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ অধ্যক্ষতাত বিশেষ ৰাজ্যিক কাৰ্যবাহী কমিটিৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে ডিমা হাচাওৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ অমিতাভ ৰাজখোৱাই ডিমা হাচাওৰ আৰক্ষী অধীক্ষকলৈ জিলাখনত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকলৰ সন্দৰ্ভত এখন পত্ৰ দিয়ে।

পত্ৰখন অনুসৰি, আৰক্ষী অধীক্ষকগৰাকীয়ে ডিমা হাচাও জিলাত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক তেওঁলোকৰ নিজ নিজ স্থানলৈ প্ৰেৰণ কৰাৰ বাবে পৰিবহনৰ ব্যৱস্থা কৰিব।

শ্ৰমিকসকলৰ সঠিক স্বাস্থ্য পৰীক্ষা সম্পন্ন হোৱাৰ পাছতহে এই প্ৰক্ৰিয়াটো আৰম্ভ কৰা হ’ব।

তেওঁলোকক নিজ নিজ স্থানলৈ পৰিবহন কৰাৰ সময়ত সামাজিক দূৰত্ব বজাই ৰখাৰ নিয়ম অনুসৰণ কৰিব লাগিব বুলিও উপায়ুক্তগৰাকীয়ে পত্ৰখনত নিৰ্দেশ দিছে।