NORTHEAST NOW (Assamese)

পুনৰ কঠোৰ ক’ভিদ ১৯ প্ৰট’কলৰ ইঙ্গিত স্বাস্থ্য মন্ত্ৰীৰ

October 20, 2021 7:11 pm · এন ই নাও নিউজ, গুৱাহাটী

অসমৰ স্বাস্থ্য মন্ত্ৰী কেশব মহন্তই অসমত ক’ভিদ সংক্ৰমণৰ বৰ্দ্ধিত সংখ্যাৰ ওপৰত ভিত্তি কৰি পুনৰ কঠোৰ ক’ভিদ নীতি বলৱৎ কৰাৰ ইঙ্গিত দিছে।

চৰকাৰে এসপ্তাহৰ বাবে ৰাজ্যখনৰ ক’ভিদ পৰিস্থিতি নিৰীক্ষণ কৰিব আৰু অসমত বৰ্ধিত প্ৰৱণতা অব্যাহত থাকিলে কঠোৰ প্ৰট’কল জাৰী কৰিব পাৰে বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

উল্লেখ্য যে, মহামাৰীৰ বুজ লোৱাৰ বাবে অসম কেবিনেটে ১৮ অক্টোবৰত এক জৰুৰী বৈঠক অনুষ্ঠিত কৰিছিল।

কামৰূপ মেট্ৰ’পলিটান জিলাত অসমত দুৰ্গা পূজা উদযাপনৰ পিছত ক’ভিদ সংক্ৰমণৰ ঘটনা বৃদ্ধি হৈছে।

মঙলবাৰে জিলাখনত ১৫২ টা নতুন ক’ভিদ সংক্ৰমণৰ নথিভুক্ত কৰা হৈছিল। ১৮ অক্টোবৰত, কামৰূপ মেট্ৰ’পলিটান জিলাত মুঠ নতুন সংক্ৰমণৰ সংখ্যা আছিল ১০৩ টা।

মঙলবাৰে অসমত ধৰা পৰা নতুন সংক্ৰমণৰ মুঠ সংখ্যা আছিল ৩৫৩ টা।

Related News