NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত বিধেয়ক বিৰোধী আন্দোলনৰ উগ্ৰ ৰূপ : হিমন্তৰ প্ৰতিচ্ছবিৰ মুখত উপৰ্য্যুপৰি গোৰ; ব্যৱস্থা নল’লে কাষতে ৰৈ থকা আৰক্ষীয়ে

Posted by: ঋতুপল্লৱ শইকীয়া Updated by: ঋতুপল্লৱ শইকীয়া February 12, 2019 6:28 pm

কেন্দ্ৰৰ বিজেপি চৰকাৰে নাগৰিকত্ব (সংশোধনী)বিধেয়কখন ৰাজ্যসভাত আজি উত্থাপন কৰিব বুলি বাতৰি প্ৰকাশ হোৱাৰ পিছতে ৰাজ্যৰ সৰ্বত্ৰে অধিক উগ্ৰ হৈ পৰিছে বিধেয়ক বিৰোধী আন্দোলন।

আজি গোলাঘাট চহৰত কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তাই আহোম ছাত্ৰ সন্থা, মদমুক্ত অসম দাবী সমিতি, তাই আহোম যুৱ পৰিষদ, নাৰী মুক্তি সংগ্ৰাম সমিতি আদিকে ধৰি ৭০টা সংগঠনৰ নেতৃত্বত উলিওৱা উগ্ৰ প্ৰতিবাদে আৰক্ষী আৰু প্ৰশাসনক ব্যতিব্যস্ত কৰি তোলে।

যোৱা ৮ জানুৱাৰিত অসম বন্ধৰ সময়ত বিজেপিৰ জিলা কাৰ্য্যালয়ৰ বেনাৰ আদি ভাঙি জ্বলাই দিয়া ঘটনাৰ দৰেই উগ্ৰতা দেখা গ’ল আজিৰ প্ৰতিবাদৰ সময়তো।

অভিনৱ ধৰণে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা এজন প্ৰতিবাদকাৰীক দেখা গ’ল খালী গাৰে পথত বাগৰি বাগৰি শ্ল’গান দিয়া। ইয়াৰোপৰি মহিলাসকলে মাজপথতে বহি বিজেপি বিৰোধী ধ্বনি দিয়ে।

প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী তোলাৰ সমান্তৰালভাৱে বিজেপি গ’ বেক, বিজেপি মাৰ খাবি, বিজেপি চৰ খাবি, বিজেপি ৱাক থু আদি ধ্বনি দিয়ে।

নগৰৰ মাজেৰে নৰেন্দ্ৰ মোদী হুঁচিয়াৰ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, সৰ্বানন্দ হুঁচিয়াৰ, সৰ্বানন্দ মুৰ্দাবাদ, হিমন্ত বিশ্ব হুঁচিয়াৰ, হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনি দি প্ৰতিবাদী সমদলটো উপায়ুক্তৰ কাৰ্য্যালয় অভিমুখে যায় যদিও তাত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ বাধাৰ সন্মুখীন হয়।

তাৰ পাছত উক্ত স্থানত ৰাজপথতে বহি পৰা প্ৰতিবাদী ৰাইজক উদ্দেশ্যি কৃষক মুক্তিৰ জিলা সভাপতি ধৰ্মেশ্বৰ শইকীয়া, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আব্দুল হাচিম, মদমুক্ত অসমৰ প্ৰবীণ দাস, তাই আহোম ছাত্ৰ সন্থাৰ কৃষ্ণ বৰুৱা আদিয়ে বক্তব্য প্ৰদান কৰি বিধেয়কখনক লৈ চৰকাৰৰ স্থিতিক ক্ষুৰধাৰ সমালোচনা কৰে।

একাংশ প্ৰতিবাদ কাৰীয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি চৰম ক্ষোভ আৰু ঘৃণা প্ৰদৰ্শন কৰি উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত আঁৰি থোৱা দুখন বৃহৎ বেনাৰ গুৰিয়াই গুৰিয়াই ফালি পেলায়।

কেইবাজনো প্ৰতিবাদকাৰীক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবিৰ মুখত উপৰ্য্যুপৰি গোৰ মৰাও দেখা গ’ল। তথাপিও একো ব্যৱস্থা নল’লে কাষতে থকা আৰক্ষীয়ে।