NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীৰে মাৰ্ঘেৰিটাত যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

Posted by: মানস প্ৰতিম গগৈ March 11, 2019 6:55 pm
protest at Margherita

জৰাজীৰ্ণ হৈ পৰা ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীৰে আজি মাৰ্ঘেৰিটাত যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে গড়কপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিধায়ক ভাস্কৰ শৰ্মা মুৰ্দাবাদ আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।

আনহাতে, যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে মাৰ্ঘেৰিটা কেন্দ্ৰীয় খেলপথাৰৰ পৰা সমদল কৰি আহি ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হৈ প্ৰায় এক ঘণ্টা সময় ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে।

উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাৰ পাৱৈ, থাৰ্মেল তিনি আলি, ব্লক তিনিআলি, চেগুনবাৰী তিনিআলি, বৰগোলাইৰ, লিডু, টিৰাপ আদি এলেকাত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা মেৰামতিৰ অভাৱত মৰণফাণ্ডত পৰিণত হৈছে। এই অঞ্চলসমূহত ইতিমধ্যে হোৱা পথ দুৰ্ঘটনাত কেইবাজনো লোকৰ মৃত্যু ঘটিছে।

তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কাঞ্চন বৰাই সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে বিধায়ক ভাস্কৰ শৰ্মাৰ অকৰ্মাণ্যতাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথটোৱে মাৰ্ঘেৰিটাত বিধ্বস্ত ৰূপ ধাৰণ কৰিছে। বিগত দুটা বছৰত ৩৫ কোটি টকা ব্যয়ৰে ৰাষ্ট্ৰীয় ঘাইপথৰ আঁচনি গ্ৰহণ কৰা বুলি ওফাইডাং মৰা বিধায়ক ভাস্কৰ শৰ্মাই কমিছনৰাজেৰে ব্যক্তিগত সম্পত্তি পাহাৰ গঢ়াৰ বিপৰীতে ৰাইজৰ সমস্যাৰ প্ৰতি পিঠি দিছে।

মাৰ্ঘেৰিটা, বৰগোলাই আৰু লিডুত মৰণফাণ্ডত পৰিণত হোৱা ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ বাবে বিধায়কৰ গৰাকীয়ে তেওঁৰ ঘনিষ্ঠ বিতৰ্কিত ঠিকাদাৰ ৰঞ্জিত পূজাৰীক ৭০ লাখ টকাৰ ঠিকা দিছিল। ঠিকাদাৰ গৰাকীয়ে মেৰামতিৰ নামত এমুঠিমান শিল আৰু বালি পেলাই সিংহভাগ ধন আত্মসাৎ কৰে।

প্ৰতিবাদ স্থলীৰ পৰাই আজি যুৱ ছাত্ৰ পৰিষদে বিধায়ক গৰাকীক তীব্ৰ সকীয়নি দি শীঘ্ৰে পথছোৱা নিৰ্মান কৰাৰ দাবী কৰাৰ লগতে উক্ত পথত দুৰ্ঘটনাত নিহত আৰু আহত হোৱা লোক সকলক ক্ষতিপুৰণ আদায় দিয়াৰ বাবে আহ্বান জনায়।