NORTHEAST NOW (Assamese)
অসম

সুৰা নাপাই ছেনিটাইজাৰ, কফ ছিৰাপ সেৱন কৰি ছাত্ৰৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 28, 2020 9:55 am
Story-3-1-1140x570

সুৰা বিচাৰি নাপাই ছেনিটাইজাৰ আৰু কফ ছিৰাপৰ মিশ্ৰম সেৱন কৰাৰ ফলত কৰ্ণাটকৰ ধাৰাৱাড জিলাৰ হয়ছালা নগৰত এগৰাকী ২৯ বছৰীয়া গৱেষক ছাত্ৰৰ মৃত্যু ঘটিছে।

বাতৰি অনুসৰি, মৃত ছাত্ৰগৰাকীক উত্তৰ কানাড়া জিলাৰ হন্নাভাড়াৰ বাসিন্দা সুদীপ কাৰিয়ানা বুলি চিনাক্ত কৰা হৈছে।

তেওঁ হয়ছালা নগৰৰ এটা ভাড়াঘৰত থাকি ধাৰাৱাডৰ কৰ্ণাটক বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগত অধ্যয়ন কৰি আছিল।

ধাৰাৱাডৰ আৰক্ষী বিষয়া এগৰাকীয়ে কয় যে ঘটনাটো সোমবাৰে বিয়লি সুদীপে ভাড়াত থকা ভাড়াঘৰৰ মালিকে তেওঁৰ কোঠাৰ পৰা বিকট গোন্ধ পোৱাৰ পাছতে তেওঁলোকক জনায়।

ছাত্ৰগৰাকীৰ মৃতদেহৰ কাষত এটা ছেনিটাইজাৰৰ খালী বটলৰ লগতে এটা কফ ছিৰাপৰ বটলো উদ্ধাৰ কৰা হয়।

ভাড়াঘৰৰ মালিকে আৰক্ষীক দিয়া অভিযোগ পত্ৰত উল্লেখ কৰিছে যে ছাত্ৰগৰাকীয়ে লকডাউনৰ বাবে সুৰা নোপোৱাৰ অভিযোগ তুলিছিল।

সুদীপৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধাৰাৱাড জিলাৰ চৰকাৰী হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখযোগ্য যে দহ দিন পূৰ্বে একেখন জিলাৰে গামবয়াৰপুৰ গাঁৱত ‘সুৰাৰ উপাদান’ৰ অভিযোগ থকা ছেনিটাইজাৰ পান কৰি দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ১৩জন লোক অসুস্থ হৈ পৰিছিল।