NORTHEAST NOW (Assamese)

শিক্ষানুষ্ঠানৰ চৌহদত মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত ইণ্ডিয়ান ইনষ্টিউট অৱ মেনেজমেণ্ট, কলকাতাৰ ছাত্ৰক গ্ৰেপ্তাৰ

July 12, 2025 3:19 pm · এন ই নাও নিউজ, গুৱাহাটী

কলকাতা আৰক্ষীয়ে ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ চৌহদত এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে এগৰাকী ছাত্ৰক।

কলকাতা আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়াই শনিবাৰে (১২ জুলাই, ২০২৫) জনোৱা মতে, শুকুৰবাৰে (১১ জুলাই, ২০২৫) সন্ধিয়া হৰিদেৱপুৰ থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে।

অভিযুক্তজন প্ৰতিষ্ঠানখনৰ বৰ্তমানৰ ছাত্ৰ বুলিও তেওঁ লগতে কয়।

আৰক্ষী বিষয়াগৰাকীয়ে আৰু কয় যে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে।

উল্লেখ্য যে, দক্ষিণ কলিকতা আইন মহাবিদ্যালয়ৰ চৌহদত এগৰাকী ২৪ বছৰীয়া ছাত্ৰীক দলবদ্ধ ধৰ্ষণ আৰু আক্ৰমণৰ অভিযোগৰ এমাহৰ ভিতৰতে এই ঘটনা সংঘটিত হৈছে, যাৰ ফলত মহানগৰীৰ শিক্ষানুষ্ঠানসমূহত মহিলাসকলৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।

Related News