NORTHEAST NOW (Assamese)

মণিপুৰৰ হিংসাত্মক ঘটনাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা শিক্ষাৰ্থীসকলক কেৰালাৰ কান্নুৰ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণৰ সুবিধা

August 10, 2023 1:22 pm · এন ই নাও নিউজ, গুৱাহাটী

কেৰালাৰ কান্নুৰ বিশ্ববিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ। মণিপুৰৰ হিংসাত্মক ঘটনাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা শিক্ষাৰ্থীসকলক কেৰালাৰ কান্নুৰ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণৰ সুবিধা বিশ্ববিদ্যালয় কতৃপক্ষৰ। 

মণিপুৰ হিংসাৰ ফলত যিসকল ছাত্ৰ-ছাত্ৰীয়ে আধাতে উচ্চ শিক্ষা এৰিবলগীয়া হৈছিল সেইসকলৰ কথা ভাবিয়েই এই পদক্ষেপ কান্নুৰ বিশ্ববিদ্যালয়ৰ। 

উপাচাৰ্য ড০ গোপীনাথ ৰবীন্দ্ৰনে জনোৱা অনুসৰি বিশ্ববিদ্যালয়খনে মণিপুৰৰ শিক্ষাৰ্থীসকলক স্নাতক আৰু স্নাতকোত্তৰ দুয়োটা পাঠ্যক্ৰমত নামভৰ্তি কৰাবলৈ সাজু হৈ আছে। তেওঁ লগতে কয় যে মণিপুৰৰ যিসকল ছাত্ৰ-ছাত্ৰী যিসকল উচ্চ শিক্ষাৰ বাবে যোগ্য বা আগ্ৰহী বিশ্ববিদ্যালয়খনে মণিপুৰৰ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ আসন আৱণ্টন কৰিব । 

বিশ্ববিদ্যালয়খনে বিভিন্ন বিষয় বা বিভাগত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ বাবে থকাৰো ব্যৱস্থা কৰি দিব।  

কান্নুৰ বিশ্ববিদ্যালয়ত ভৰ্তি হোৱা শিক্ষাৰ্থীসকলক তেওঁলোকৰ যোগ্যতাৰ সৈতে সম্পৰ্কিত নথিপত্ৰ দাখিল কৰিবলৈ প্ৰয়োজনীয় সময় দিয়া হ’ব বুলিও উপাচাৰ্য্যই সদৰী কৰে। মণিপুৰৰ এজন শিক্ষাৰ্থীয়ে ইতিমধ্যে শাৰীৰিক শিক্ষা বিভাগত শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া পাঠ্যক্ৰমত স্নাতকোত্তৰ পাঠ্যক্ৰমত যোগদান কৰিবলৈ আগ্ৰহ দেখুৱাইছে বুলিও উপাচাৰ্য্যই সদৰী কৰে।

Related News