NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত বাঢ়নী পানীত উটি গ’ল বিদ্যালয়; মুকলি আকাশৰ তলত শিক্ষা গ্ৰহণ ছাত্ৰ-ছাত্ৰীৰ

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী August 2, 2019 8:49 pm
কোকৰাঝাৰত বাঢ়নী পানীত উটি গ’ল বিদ্যালয়; মুকলি আকাশৰ তলত শিক্ষা গ্ৰহণ ছাত্ৰ-ছাত্ৰীৰ

 গ্ৰীষ্ম বন্ধৰ পিছতে আৰম্ভ হোৱা পাঠদানৰ সময়তে কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ শিক্ষাখণ্ডৰ অন্তৰ্গত ফালুগুৰী নয়াপাৰা প্ৰাথমিক বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমান মুকলি আকাশৰ তলত শিক্ষা গ্ৰহণ কৰিব লগা হৈছে।

উল্লেখযোগ্য যে বিদ্যালয়খন যোৱা ২৩ জুলাইত গংগীয়া নদীৰ ভয়াৱহ বাঢ়নী পানীয়ে উটুৱাই নিয়ে। ফলত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান কাৰ্যত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে।

২০০৯ চনত স্থাপিত বিদ্যালয়খনত প্রধান শিক্ষক তফোজ্জল আলী আৰু টে’ট শিক্ষক নুৰ জামালে ৪৬ গৰাকী ছাত্ৰ-ছাত্ৰীক পাঠদান কৰায়। বৰ্তমান বিদ্যালয়খন বাঢ়নী পানীয়ে উটুৱাই নিয়াত শিক্ষক দুজনে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান দিয়া কাৰ্যত ব্যাপক সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছে।

প্ৰধান শিক্ষক তফোজ্জুল আলী মণ্ডলে কয় যে বানপানীয়ে বিদ্যালয়খন উটুৱাই নিয়াৰ পিছত গোসাঁইগাঁও খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক এই সন্দৰ্ভত অৱগত কৰোৱা হৈছে আৰু শীঘ্ৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাইছে।

স্থানীয় গাঁওবাসীয়েও অসম চৰকাৰ তথা শিক্ষা বিভাগক অতি শীঘ্ৰে বিদ্যালয়খন মেৰামতি কৰি ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ সুনিশ্চিত কৰিবলৈ দাবী জনায়।