NORTHEAST NOW (Assamese)
অসম

চামগুৰিত কৃষি বিধেয়কৰ প্ৰতিলিপি দাহেৰে ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা September 25, 2020 7:16 pm

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নগাঁও জিলাৰ চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাই আজি চামগুৰি তিনিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কৃষি বিধেয়কৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী আৰু জনবিৰোধী নীতিৰে সাধাৰণ ৰাইজৰ ওপৰত জাপি দিব খোজা বিধেয়ক খনৰ প্ৰতিলিপি চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাই দাহ কৰাৰ লগতে বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ’বেক আদি ধ্বনীৰে পৰিবেশ উত্তাল কৰি তোলে ।

উক্ত প্ৰতিবাদী কাৰ্যসূচীটোত ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে বিতৰ্কিত বিধেয়ক খনৰ বিৰুদ্ধে ৰাইজক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিবলৈ আহ্বান জনোৱাৰ লগতে বিধেয়ক খন আইনত পৰিণত কৰিলে শাসনাধিষ্ঠিত চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰা হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

চামগুৰিৰ লগতে উজনি আৰু নামনি অসমৰ বিভিন্ন স্থানত ছাত্ৰ সন্থাৰ কৰ্মীসকলে নতুন কৃষি বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল।