NORTHEAST NOW (Assamese)

মুকলি আকাশৰ তলত সুবোধ বিশ্বাস : কাৰাগাৰৰ পৰা আদৰি নিলে সতীৰ্থই

September 25, 2018 7:24 am · এন ই নাও নিউজ
মুকলি আকাশৰ তলত সুবোধ বিশ্বাস

অৱশেষত মুকলি আকাশৰ তললৈ উভতিল চিলাপথাৰ কাণ্ডৰ খলনায়ক সুবোধ বিশ্বাস। সোমবাৰে ধেমাজি জিলা কাৰাগাৰৰ পৰা সুবোধ বিশ্বাসক তেওঁৰ সতীৰ্থই আদৰি নিয়ে। যোৱা ১৮ ছেপ্টেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে বিশ্বাসৰ জামিন মঞ্জুৰ কৰিছিল।

চিলাপথাৰ কাণ্ডৰ মূল নায়ক নিব্বাচ নামৰ অখ্যাত বাঙালী সংগঠনৰ সভাপতি সুবোধ বিশ্বাসৰ জামিনৰ আবেদন পূৰ্বে আদালতে বহুবাৰ প্ৰত্যাখ্যান কৰাৰ পিছত ১৮ ছেপ্টেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰায় ডেৰ বছৰৰ মূৰত বিশ্বাসৰ জামিন মঞ্জুৰ কৰিছিল। ন্যায়াধীশ মীৰ আলফাজাৰ আদালতে বিশ্বাসৰ জামিন আবেদন মঞ্জুৰ কৰিছিল।

উল্লেখ্য যে বিগত ২০১৭ বর্ষৰ ৬ মার্চত চিলাপথাৰ চিলা জনজাতি হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হোৱা নিব্বাচ নামৰ অখ্যাত সংগঠনটোৰ এখন বিশাল সভাৰ পিছতে উলিওৱা শোভাযাত্রাকাৰী দলে চিলাপথাৰৰ আছুৰ কার্যালয় লণ্ড-ভণ্ড কৰাৰ লগতে শ্বহীদ বেদী আৰু সুধাকণ্ঠৰ প্রতিমূর্তি ভাঙি চূৰমাৰ কৰিছিল।

উক্ত ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত নিব্বাচৰ সভাপতি সুবোধ বিশ্বাসৰ লগতে সর্বমুঠ ৫৪ জন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰিছিল।  ইয়াৰে সুবোধ বিশ্বাসৰ বাহিৰে বাকী কেইজন লোকে ইতিমধ্যেই জামিন লাভ কৰিছিল।

Related News