NORTHEAST NOW (Assamese)

ডেৰ বছৰৰ অন্তত জামিন লাভ চিলাপথাৰ কাণ্ডৰ খলনায়ক সুবোধ বিশ্বাসৰ

September 18, 2018 1:04 pm · এন ই নাও নিউজ
ফাইল ফটো

চিলাপথাৰ কাণ্ডৰ মূল নায়ক সুবোধ বিশ্বাসে অৱশেষত জামিন পালে আদালতৰ পৰা। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে নিব্বাচ নামৰ অখ্যাত বাঙালী সংগঠনৰ সভাপতি সুবোধ বিশ্বাস ৰ জামিন মঞ্জুৰ কৰে।

ইয়াৰ পূৰ্বে সুবোধ বিশ্বাসৰ জামিনৰ আবেদন আদালতে বহুবাৰ প্ৰত্যাখ্যান কৰিছিল যদিও অৱশেষত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰায় ডেৰ বছৰৰ মূৰত চিলাপথাৰ কাণ্ডৰ মূল অভিযুক্ত গৰাকীৰ জামিন মঞ্জুৰ কৰে।

এই ৰায়দান প্ৰদান কৰে ন্যায়াধীশ মীৰ আলফাজাৰ আদালতে।

উল্লেখ্য যে বিগত ২০১৭ বর্ষৰ ৬ মার্চত চিলাপথাৰ চিলা জনজাতি হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হোৱা নিব্বাচ নামৰ অখ্যাত সংগঠনটোৰ এখন বিশাল সভাৰ পিছতে উলিওৱা শোভাযাত্রাকাৰী দলে চিলাপথাৰৰ আছুৰ কার্যালয় লণ্ড-ভণ্ড কৰাৰ লগতে শ্বহীদ বেদী আৰু সুধাকণ্ঠৰ প্রতিমূর্তি ভাঙি চূৰমাৰ কৰিছিল।

উক্ত ঘটনাৰ লগত জড়িত খৰা অভিযোগত নিব্বাচৰ সভাপতি সুবোধ বিশ্বাসৰ লগতে সর্বমুঠ ৫৪ জন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰিছিল৷ এতিয়া ইয়াৰে সুবোধ বিশ্বাসৰ লগতে বহি কেইজন লোক ইতিমধ্যে জামিন লাভ কৰিছে।

Related News