NORTHEAST NOW (Assamese)
অসম

কৃষক বিক্ষোভক লৈ এইবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ বিজেপি সাংসদ; কি ক’লে স্বামীয়ে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 14, 2021 8:20 am
swamy-759

কৃষক বিক্ষোভক লৈ এইবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল দলৰেই এগৰাকী জ্যেষ্ঠ সাংসদ ড০ সুব্ৰমনিয়াম স্বামী।

বিভিন্ন সময়ত বিৰোধীসকলৰ সমান্তৰালভাৱে বৰ্ষীয়ান এই ৰাজনীতিকগৰাকী নিজ দলৰ চৰকাৰৰ বিৰুদ্ধেই সৰৱ হৈ আহিছে।

এইবাৰ কৃষক বিক্ষোভকলৈয়ো বিজেপি সাংসদগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক সমালোচনা কৰি টুইট কৰিছে।

শনিবাৰে এটা টুইট কৰি স্বামীয়ে লিখিছে,’’কৃষক বিক্ষোভ শীঘ্ৰেই এক আন্তৰ্জাতিক ইছ্যুত পৰিণত হ’ব পাৰে। মানৱ অধিকাৰ সংস্থাসমূহে আন্তৰ্জাতিক শ্ৰম সংস্থা তথা ৰাষ্ট্ৰ সংঘৰ ওচৰত যোৱাৰ কথা ভাৱিছে য’ত ভাৰতো সদস্য। তাত বিষয়টো উত্থাপিত হ’ব পাৰে। লেবাৰ ষ্টেণ্ডাৰ্ডৰ চেয়াৰমেন হিচাপে মই ১৯৯৯চনত চৰকাৰৰ বাবে তিনিটা খণ্ডৰ এখন প্ৰতিবেদন প্ৰস্তুত কৰিছো।‘’

নতুন কৃষি আইনক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত আছে। একেৰাহে দুমাহতকৈয়ো অধিক সময় লাখ লাখ কৃষকে দিল্লী অৱৰোধ কৰি ৰাখিছে। এই নতুন কৃষি আইনক লৈ শলঠেকত পৰিছে মোদী চৰকাৰ।

কৃষক বিক্ষোভৰ তীব্ৰতাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে নতুন কৃষি আইন কাৰ্যকৰী কৰা স্থগিত ৰাখিবলগীয়া হৈছে। দেশৰ লগতে দেশৰ বাহিৰতো এই আইনক লৈ চাপ বৃদ্ধি পাইছে।

এনে পৰিস্থিতিত দলৰেই এগৰাকী সাংসদে প্ৰত্যক্ষভাৱে কৃষি আইনক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰোধিতাৰে সৰৱ হোৱাত স্বাভাৱিকতেই মোদী-শ্বাহৰ অস্বস্তি বৃদ্ধি পাইছে।

উল্লেখ্য যে আজি কেইদিনমান পূৰ্বে বৰ্ষীয়ান আৰএছএছ নেতা ৰঘুনন্দন শৰ্মায়ো কৃষি আইনক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল। কৃষিমন্ত্ৰীক জবাবদিহি কৰি ক্ষমতাই মূৰত ধৰা বুলি কটাক্ষও কৰিছিল।

আৰএছএছ নেতাগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছিল যে যাৰ বাবে এই আইন অনা হৈছে সেই কৃষকসকলেই যদি বিৰোধিতা কৰে তেনেহ’লে সেই আইনৰ কি প্ৰয়োজন আছিল?