NORTHEAST NOW (Assamese)
অসম

Suez Canal blocked এভাৰ গিভন কণ্টেইনাৰ জাহাজৰ পিছত ছুৱেজ খালত পুনৰ আবদ্ধ আন এখন জাহাজ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী September 1, 2022 12:04 pm
Suez Canal blocked এভাৰ গিভন কণ্টেইনাৰ জাহাজৰ পিছত ছুৱেজ খালত পুনৰ আবদ্ধ আন এখন জাহাজ

এছিয়া আৰু ইউৰোপৰ মাজত বাণিজ্যিক সম্পৰ্ক টনকিয়াল কৰা ছুৱেজ খানত আকৌ আব্ধ হ’ল আন এখন জাহাজ। ২০২১ চনত এভাৰ গিভন কণ্টেইনাৰ জাহাজ খন ছুৱেজ খালত আব্ধ হোৱাৰ ফলত প্ৰায় এসপ্তাহ ধৰি আন জাহাজৰ চলাচল ব্ধ হৈ পৰিছিল।

]ফলত ক্ষতিগ্ৰস্ত হৈছিল বিশ্বৰ কেইবা খনো দেশৰ বাণিজ্য। এইবাৰ পুনৰ ২৫০ মিটাৰ দীঘল এফিনিটি ভি নামৰ টেংকাৰ খন ছুৱেজ খালত আবদ্ধ হৈ পৰিছে। জাহাজ খনে চৌদি আৰৱলৈ যাত্ৰা আৰম্ভ কৰিছিল। ছুৱেজ খালত হঠাতে আবদ্ধ হৈ পৰাত আন জাহাজৰ চলাচল বন্ধ হৈ পৰে।

সেই ঠাইতে আগতে এভাৰ গিভন কণ্টেইনাৰ জাহাজ খন আবদ্ধ হৈ পৰিছিল।অৱশ্যে বহু ঘণ্টাৰ পিছত এফিনিটি ভি জাহাজ খন মুকলি কৰিব পৰা যায় বুলি চুৱেজ খাল কৰ্তৃপক্ষৰ এজন মুখপাত্ৰ জৰ্জ চাফৱাটে প্ৰকাশ কৰিছে। উল্লেখ্য উল্লেখ ২০২১ বৰ্ষত এভাৰ গিভন কণ্টেইনাৰ নামৰ জাহাজ খন ছুৱেজ খালত আবদ্ধ হৈ পৰিছিল।

জাহাখনে চীনৰ পৰা মালবাহী কন্টেইনাৰ লৈ নেদাৰলেণ্ডৰ ৰোটাৰডাম বন্ধৰলৈ গৈ আছিল। মঙলবাৰে পুৱা ৭বাজি ৪০ মিনিটত পানামা খালেৰে উত্তৰ দিশে ভূমধ্য সাগৰৰ পিনে গৈ আছিল এই বিশাকায় জাহাজখন।

জাহাজখনৰ দুইটা মূৰ ছুৱেজ খালৰ দুটা পাৰে লাগি ধৰে।ফলত জাহাজখন ছুৱেজ খালত আৱদ্ধ হৈ পৰিছিল।